অসম

assam

ETV Bharat / bharat

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - Delhi Liquor Scam - DELHI LIQUOR SCAM

Arvind Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল । কিন্তু বুধবাৰে, উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদন নাকচ কৰে ৷

Arvind Kejriwal
অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ (etv bharat english)

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:56 PM IST

নেশ্যনেল ডেস্ক, 29 মে’ :দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা 7 দিনলৈ বৃদ্ধি কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন কৰিছিল । কিন্তু বুধবাৰে এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল । প্ৰচাৰৰ বাবে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা 1 জুনত শেষ হ'ব । তাৰ পিচতে তেওঁ 2 জুনত তিহাৰ কাৰাগাৰলৈ যাব লাগিব ।

তাৰ পিচতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদনৰ ওপৰত শুনানি দিবলৈ অস্বীকাৰ কৰে । যাৰ পিচত অৰবিন্দ কেজৰিৱালে পুনৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছিল । কিন্তু বুধবাৰে, উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদন খাৰিজ কৰে । এতিয়া মুখ্য ন্যায়াধীশেহে এই বিষয়ে সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে ।

শৰীৰৰ ওজন কমিছে কেজৰিৱালৰ: আপে শেহতীয়াকৈ কৈছে, "কেজৰিৱালৰ ওজন সাত কেজি হ্ৰাস পাইছে । এইবোৰ কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে । মেক্স হাস্পতালৰ চিকিৎসকে তেওঁক পৰীক্ষা কৰিছিল । তেওঁ (অৰবিন্দ কেজৰিৱাল) পিইটি-চিটি স্কেন আৰু আন বহুতো পৰীক্ষা কৰিব লাগিব । তেওঁ সাত দিনৰ সময় বিচাৰিছে" ৷ মেক্সৰ চিকিৎসকে কেজৰিৱালক কৈছে যে তেওঁ পিইটি-চিটি স্কেন আৰু কেইবাটাও পৰীক্ষা কৰাব লাগিব ।

নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে । অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত আদালতে কিছু চৰ্তও আৰোপ কৰিছিল । য’ত তেওঁক মুখ্যমন্ত্রীৰ কার্যালয়লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ 2 জুনত আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে ।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালক 2024 চনৰ 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । তিহাৰ জেলত 50 দিনতকৈও অধিক সময় আৱদ্ধ হৈ আছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক:দিল্লী সুৰা কেলেংকাৰী: কেজৰিৱাল আৰু আপৰ বিৰুদ্ধে ইডিৰ অভিযোগনামা দাখিল - Delhi liquor scam

ABOUT THE AUTHOR

...view details