অষ্টম স্থানৰ অধিপতি সূৰ্য মকৰ ৰাশিৰ সপ্তম স্থানত প্ৰৱেশ কৰিব ৷ এই সময়ছোৱাত আপোনাক আপোনাৰ সম্পৰ্কসমূহত সুখৰ সন্ধান কৰিবলৈ প্ৰেৰণা দিব ৷ কোম্পানী আৰু চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে ৷ এই সময়ছোৱাত যদি আপুনি কাৰোবাক ধন ধাৰে দিয়ে, তেন্তে সেই ধন ৰৈ যাব পাৰে ৷ জীৱন সংগীৰ সৈতে আপোনাৰ তৰ্কাতৰ্কি হ’ব পাৰে ৷
প্ৰতিকাৰ-গায়ত্ৰী চালিছা পাঠ কৰাটো আপোনাৰ বাবে লাভজনক হ’ব ৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ ক্ষেত্ৰত সপ্তম স্থানৰ অধিপতি সূৰ্যই আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, যিটো সম্পৰ্কৰ বাবে সমস্যাজনক হ’ব পাৰে ৷ এতিয়া চাকৰিৰ ক্ষেত্ৰত চাপ থাকিব ৷ ব্যৱসায়িক লাভো হ্ৰাস পাব ৷ ঋণ ল’বলগীয়া হ’ব পাৰে ৷ আপুনি শত্ৰুৰ ওপৰত জয়লাভ কৰিব ৷ সম্পৰ্কসমূহত সমন্বয় বজাই ৰাখক আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক ৷
প্ৰতিকাৰ-প্ৰতিদিনে হনুমান চালিছা পাঠ কৰক ৷ সূৰ্য দৰ্শনৰ পাছতহে কাম আৰম্ভ কৰিব ৷
মীন ৰাশি
ষষ্ঠ স্থানৰ অধিপতি সূৰ্য বৰ্তমান মীন ৰাশিৰ পঞ্চম স্থানত সঞ্চাৰ বা সংক্ৰান্তি কৰি আছে ৷ সূৰ্য সংক্ৰান্তিৰ প্ৰথম মাহটো মীন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে লাভজনক হ’ব ৷ আপুনি যিকোনো নতুন কথা শিকিবলৈ আগ্ৰহী হ’ব ৷ ব্যৱসায়ত লাভ অৰ্জন হ’ব ৷ আপুনি আপোনাৰ সম্পৰ্কসমূহৰ ক্ষেত্ৰত মানসিক চাপ অনুভৱ কৰিব পাৰে ৷ আপুনি আইনী সহায় লাভ কৰিব পাৰে ৷
প্ৰতিকাৰ-ভগৱান বিষ্ণুৰ মন্ত্ৰৰ সৈতে যিকোনো এটা সূৰ্য মন্ত্ৰ জপ কৰক ৷