নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল :ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে । ৰাজ্যখনৰ সুকমা জিলাৰ ছল্টং অঞ্চলত পুনৰ নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় । য'ত নিৰাপত্তা বাহিনীৰ গুলীত এটা মাওবাদী নিহত হয় । ডিআৰজি কৰ্মীসকলে মাওবাদীৰ মৃতদেহ আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ জি চাৱনৰ মতে জিলাখনৰ কিষ্টাৰাম আৰক্ষী থানাৰ অন্তৰ্গত ছল্টং অঞ্চলত এই সংঘৰ্ষ হৈছিল । ডিআৰজি আৰু কোবৰাৰ চিআৰপিএফৰ পৃথক দলে মাওবাদী বিৰোধী অভিযানলৈ যোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয় । মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে ।
ডিআৰজি বাহিনীয়েও এই গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে । বহু সময় ধৰি চলা গুলীচালনাত এটা মাওবাদী নিহত হয় । এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে ।