নিউজ ডেস্ক, ২৩ এপ্ৰিল: সম্পত্তিৰ বাবেই নিজৰ পিতৃ-মাতৃক চুপাৰি কিলাৰৰ দ্বাৰা হত্যা কৰিলে এজন লোকে । এই ঘটনাটো আৰু অধিক লোমহৰ্ষক হৈ পৰিল যেতিয়া পৰিয়ালটোৰ আন চাৰিগৰাকী সদস্যকো হত্যা কৰাৰ কথা পোহৰলৈ আহে । ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ গাদাগত । বিনায়ক বাকালে নামৰ যুৱকজনে তেওঁৰ দেউতাক প্ৰকাশ বাকালে আৰু তেওঁৰ মাহীমাক সুনন্দাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু চুপাৰি কিলাৰে ভুল কৰি বিনায়কৰ সতীয়া ভাতৃ কাৰ্তিকৰ সৈতে তিনিওজনকে হত্যা কৰে । হত্যাকাণ্ডকেইটা ১৯ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত হৈছিল ।
গদাগ-বেটাগিৰি পৌৰ পৰিষদৰ উপ-সভাপতি প্ৰকাশ আৰু সুনন্দাই নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । সোমবাৰে সংবাদ মাধ্যমক এই চাঞ্চল্যকৰ ঘটনাটোৰ বিষয়ে অৱগত কৰি উত্তৰ মণ্ডলৰ আই জি পি বিকাশ কুমাৰে কয় যে, বিনায়ক বাকালেই নিজৰ পিতৃ প্ৰকাশ বাকালে আৰু মাহীমাকক হত্যা কৰিবলৈ ‘চুপাৰি’ দিছিল ।
''বিনায়ক বাকালেই তেওঁৰ পিতৃ আৰু মাহীমাকক হত্যা কৰিবলৈ ফৈৰোজ কাজী আৰু তেওঁৰ দলটোক ৬৫ লাখ টকাৰ 'চুপাৰি' দিছিল । অগ্ৰিম ধন হিচাপে ২ লাখ টকা দিছিল । শেহতীয়াকৈ প্ৰকাশ বকালে আৰু বিনায়কৰ মাজত ব্যৱসায়িক বিবাদ হৈছিল । কেইমাহমান আগতে বিনায়কে দেউতাকৰ অনুমতি অবিহনে কিছু সম্পত্তি বিক্ৰী কৰিছিল । প্ৰকাশে বিনায়কৰ আচৰণত ক্ষুব্ধ হৈ পৰে আৰু বিনায়কৰ সৈতে কাজিয়া কৰে । বিনায়কে সম্পত্তি বিক্ৰীৰ বিৰোধিতা কৰাৰ বাবে পিতৃ, মাহীমাক সুনন্দা আৰু ভাতৃ কাৰ্তিকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ।" আইজিপিয়ে কয় ।