নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ :ছত্তীশগড়ৰ চুকমা জিলাত চাঞ্চল্যকৰ ঘটনা । চিআৰপিএফৰ শিবিৰত উদ্ধাৰ এগৰাকী জোৱানৰ মৃতদেহ । ঘটনাটোক লৈ শিবিৰটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । চিআৰপিএফৰ লগতে স্থানীয় আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে ।
- চিআৰপিএফ জোৱানৰ আত্মহত্যা
ঘটনাটো গাদিৰাছ আৰক্ষী থানাৰ অন্তৰ্গত চিআৰপিএফৰ ২২৬ নম্বৰ বেটেলিয়নৰ শিবিৰত সংঘটিত হয় । নিহত জোৱানজনক বিপুল ভূঞা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য মতে, পুৱা প্ৰায় ৪ বজাত বিপুল ভূঞা নামৰ জোৱানজনে বাথৰুমলৈ গৈছিল আৰু তাতেই তেওঁ গুলীচালনা কৰে ।
বাথৰুমত গুলীচালনাৰ শব্দ শুনাৰ লগে লগে শিবিৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পিচত সহযোগী জোৱানসকলে বাথৰুমলৈ গৈ জোৱানজনক তেজেৰ লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে । ইফালে ঘটনাস্থলীতে জোৱানজনৰ মৃত্যু হয় ।
- চুকমা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
শিবিৰত সংঘটিত এই ঘটনাৰ তথ্য তাৎক্ষণিকভাৱে চিআৰপিএফৰ জ্যেষ্ঠ বিষয়াসকলক দিয়া হয় । স্থানীয় আৰক্ষীকো খবৰ দিয়া হয় । তথ্য লাভ কৰাৰ পিচতে চিআৰপিএফ আৰু স্থানীয় আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।