অসম

assam

ETV Bharat / bharat

বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণৈ গেঙৰ: আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ এটা অভিযুক্ত

Baba Siddique murder: ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণৈ গেঙৰ ৷ ভাইৰেল পোষ্টটোৰ সত্যতাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত ৷

By PTI

Published : Oct 13, 2024, 5:03 PM IST

Updated : Oct 13, 2024, 5:11 PM IST

Baba Siddique murder
ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰা লৰেন্স বিষ্ণৈ গেঙে হত্যা কৰিলে নেকি বাবা ছিদ্দিকীক (ETV Bharat Assam)

নিউজ ডেস্ক, 13 অক্টোবৰ:মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পিৰ প্ৰবীণ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙে । মুম্বাই আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে । দেওবাৰে আৰক্ষীয়ে কয় যে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভেৰিফাই কৰি আছে য’ত লৰেন্স বিষ্ণৈই গেঙৰ এজন কথিত সদস্যই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে ।

মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ খেৰ নগৰত শনিবাৰে নিশা বিধায়ক পুত্ৰ জীশন ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত তিনিজন লোকে এন চি পিৰ ৬৬ বছৰীয়া নেতাগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে । তেওঁক ততাতৈয়াকৈ লীলাৱতী হাস্পতাললৈ লৈ যোৱাত চিকিৎসকে মৃত ঘোষণা কৰে । এজন আৰক্ষী বিষয়াৰ মতে, বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰি লৰেন্স বিষ্ণৈই গেঙৰ এজন কথিত সদস্যৰ নামত ছ’চিয়েল মিডিয়াত ভাইৰেল পোষ্ট পোৱা গৈছে । বিষয়াগৰাকীয়ে কয় যে আমি ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টটো দেখিছো, ইয়াৰ সত্যতা আমি পৰীক্ষা কৰি আছো ।

লগতে পঢ়ক:আততায়ীৰ গুলীয়ে বুকু ভেদিলে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত এইজন ৰাজনৈতিক নেতাৰ; হাস্পতালত মৃত্যু

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ মুম্বাইৰ বাসগৃহৰ বাহিৰত সংঘটিত হোৱা গুলীচালনাৰ সৈতে জড়িত থকা অভিযোগত বিষ্ণৈই গেঙৰ একাংশ সদস্য ধৰা পৰিছিল । মুম্বাইৰ এগৰাকী বিশিষ্ট মুছলমান নেতা বাবা ছিদ্দিকীক ছলমান খান, শ্বাহৰুখ খান, সঞ্জয় দত্তকে ধৰি বহু বলীউডৰ তাৰকাৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল ।

মুম্বাই আৰক্ষীয়ে ছিদ্দিকীৰ হত্যাকাণ্ডৰ বিভিন্ন কোণৰ পৰা তদন্ত আৰম্ভ কৰিছে, য’ত সম্ভাৱ্য কন্টেক্ট কিলিংগ, ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা বা বস্তি পুনৰ্বাসন প্ৰকল্পক লৈ ভাবুকিও আছে বুলি বিষয়াসকলে পূৰ্বে প্ৰকাশ কৰিছে । এই হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত বুলি সন্দেহ কৰা হৈছে বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে ।

পুৱা ছিদ্দিকীৰ মৃতদেহ বান্দ্ৰাৰ লীলাৱতী হাস্পতালৰ পৰা ভিলে পাৰ্লেৰ কুপাৰ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানান্তৰ কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো বান্দ্ৰাৰ মকবা হাইটছত থকা তেওঁৰ ঘৰলৈ লৈ যোৱা হয় আৰু সন্ধিয়ালৈ ছিদ্দিকক শৱদেহত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দিয়া হ’ব ।

এজন বিষয়াই জনোৱা মতে, নমাজ-ই-ইছাৰ পিছত দেওবাৰে নিশা ৮.৩০ বজাৰ পিছত মেৰিন লাইনছ অঞ্চলৰ বাদা কাব্ৰাস্তানত এনচিপি নেতাগৰাকীৰ মৃতদেহ কবৰস্থ কৰা হ’ব । তেওঁৰ ঘৰৰ বাহিৰৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

আদালতত হাজিৰ অভিযুক্ত

মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি গুলীচালনা কৰা তিনিটা অভিযুক্তৰ ভিতৰত দুটাক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্ত দুটাক গ্ৰেপ্তাৰ কৰাৰ পাছত মুম্বাইৰ এস্প্লেনেড আদালতত হাজিৰ কৰা হয় । অভিযুক্ত দুটা হাৰিয়ানাৰ গুৰমাইল বলজিৎ সিং (২৩) আৰু দ্বিতীয়জন উত্তৰ প্ৰদেশৰ(নাবালক) বুলি জানিব পৰা হৈছে । শিৱ কুমাৰ নামৰ তৃতীয়টো শ্বুটাৰ আৰু হেণ্ডলাৰ বুলি অনুমান কৰা এটা সন্দেহযুক্ত চতুৰ্থ ব্যক্তি পলাতক অৱস্থাত আছে ।

গ্ৰেপ্তাৰ হোৱা দুটা অভিযুক্তক মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হয় আৰু ইয়াৰে এটাক ২১ অক্টোবৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় । দ্বিতীয়টো অভিযুক্তই নিজকে নাবালক বুলি দাবী কৰাৰ বাবে আদালতে তাৰ বয়স নিৰ্ণয় কৰিবলৈ হাড়ৰ অস্থিকৰণ পৰীক্ষাৰ নিৰ্দেশ দিয়ে । অভিযুক্ত দুটা হাৰিয়ানাৰ গুৰমাইল বলজিৎ সিং (২৩) আৰু দ্বিতীয়জন উত্তৰ প্ৰদেশৰ।

লগতে পঢ়ক:বুলেট প্ৰুফ বাহন, Y পৰ্যায়ৰ নিৰাপত্তায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ছিদ্দিকক; তদন্তত নামিব এনকাউণ্টাৰ স্পেচিলিষ্ট দয়া নায়ক

সূত্ৰসমূহে জনোৱা মতে, সন্দেহযুক্ত আটাইকেইটাই কেইবামাহো ধৰি ছিদ্দিকক নিৰীক্ষণ কৰি আহিছিল আৰু তেওঁৰ বাসগৃহ আৰু কাৰ্যালয়ত চোৰাংচোৱাগিৰি কৰিছিল । এই আক্ৰমণৰ বাবে আগতীয়াকৈ ৫০ হাজাৰকৈ টকা দিয়া হৈছিল আৰু আক্ৰমণৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁলোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছিল ।

ইফালে, ধৃত অভিযুক্তৰ জেৰাৰ সময়ত উজ্জয়িনীৰ এজন সন্দেহযুক্ত লোকৰ নাম ওলোৱাৰ লগে লগে ছিদ্দিকী হত্যাকাণ্ডৰ তদন্তত এক নতুন টুইষ্ট আহিল । তদন্তকাৰী দলটোৱে গোটেই দিনটো উজ্জয়িনীৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই আছে আৰু স্থানীয় আৰক্ষীয়েও ইয়াত সহযোগিতা আগবঢ়াইছে । সন্দেহজনক লোকজনৰ সন্ধানত ব্যস্ত ৭ জনীয়া এটা দল ।

Last Updated : Oct 13, 2024, 5:11 PM IST

ABOUT THE AUTHOR

...view details