অসম

assam

ETV Bharat / bharat

ভাৰত-পাক সীমান্তত লেণ্ডমাইন বিস্ফোৰণত আহত ৬ ভাৰতীয় সেনা জোৱান - SOLDIERS INJURED IN RAJOURI

সূত্ৰ অনুসৰি, খাম্বা ফ'ৰ্ট ৰাজৌৰীৰ ওচৰত এটা দলে টহল দি থকাৰ সময়ত দুৰ্ঘটনাক্ৰমে এই বিস্ফোৰণ সংঘটিত হয় ।

Soldiers Injured in Rajouri
প্ৰতিনিধিত্বমূলক ছবি (ANI File Photo)

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 3:12 PM IST

ৰাজৌৰী : মঙলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণৰেখাৰ কাষত দুৰ্ঘটনাক্ৰমে সংঘটিত লেণ্ডমাইন বিস্ফোৰণত কমেও ছয়জন সেনা জোৱান আহত হয় বুলি সূত্ৰই জানিবলৈ দিয়ে ।

এই ঘটনাটো নৌচেৰা ৰাজৌৰী উপ-সংমণ্ডলত ভৱানী খণ্ডৰ মাক্ৰি অঞ্চলত সংঘটিত হয় । নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি, খাম্বা ফ'ৰ্ট ৰাজৌৰীৰ ওচৰত নিয়মীয়া টহলৰ সময়ত ছয়গৰাকী সেনা জোৱান আহত হয় । তেওঁলোকে তাত পুতি থোৱা লেণ্ডমাইনত ভৰি দিয়াৰ ফলত এই দুৰ্ভাগ্যজনক বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ।

আঘাতপ্ৰাপ্ত সোনা জোৱানসকলক উন্নত চিকিৎসাৰ বাবে ততালিকে ৰাজৌৰীৰ সেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে, প্ৰতিবেদন অনুসৰি তেওঁলোকৰ অৱস্থা বৰ্তান সুস্থিৰ, সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

ঘটনা সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত সেনাৰ এগৰাকী মুখপাত্ৰই কয় যে ১৪ জানুৱাৰীত প্ৰায় ১০.৪৫ বজাত ৫/৩ গোৰ্খা ৰাইফলছৰ (জি আৰ) এটা দলে খাম্বা ফ'ৰ্টৰ ওচৰত টহল দি আছিল । সেই সময়ত এক দুৰ্ঘটনাজনিত লেণ্ডমাইন বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই বিস্ফোৰণৰ ফলত ছয়গৰাকী সেনা জোৱান আঘাতপ্ৰাপ্ত হয় ।

আহত সেনা জোৱানসকলক ৪১ বছৰীয়া হাবিলদাৰ এম গুৰুং, ৪১ বছৰীয়া হাবিলদাৰ জে থাপ্পা, ৪১ বছৰীয়া হাবিলদাৰ জং বাহাদুৰ ৰাণা, ৩৮ বছৰীয়া হাবিলদাৰ আৰ ৰাণা, ৩৯ বছৰীয়া হাবিলদাৰ পি ৰাণা আৰু ৩৮ বছৰীয়া হাবিলদাৰ ভি গুৰুং বুলি চিনাক্ত কৰা হৈছে ।

আহত আটাইকেইজন সেনা জোৱানক উন্নত চিকিৎসাৰ বাবে ১৫০ জেনেৰেল হাস্পতাল (জি এইচ) ৰাজৌৰীলৈ স্থানান্তৰ কৰা হৈছে । সেনাৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :আনন্দ মেলাত অঘটন; প্ৰায় ৩০ ফুট উচ্চতাৰ পৰা ভাগি পৰিল ঘূৰ্ণন ঝুলনা - SWING BROKE IN UTTAR PRADESH
লগতে পঢ়ক :আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত এগৰাকী ১০ বছৰীয়া নাবালিকা - IED BLAST IN SUKMA

ABOUT THE AUTHOR

...view details