অসম

assam

ETV Bharat / bharat

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুসহ 5 গৰাকীয়ে; সংকটজনক অৱস্থাত 7 জন

Accident in Telangana Wanaparthy: তেলেংগানাৰ ৱানাপাৰ্থী জিলাত সোমবাৰৰ মাজনিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত 3 শিশুসহ 5 জন নিহত ৷ আহত আন সাতজনৰ অৱস্থা সংকটজনক ৷ চিকিৎসাধীন হৈ আছে আহত লোককেইজন ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু ৷

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:16 AM IST

Several killed and injured as car hits tree in Telangana Wanaparthy District
ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুসহ 5 গৰাকীয়ে ; সংকটজনক অৱস্থাত 7 জন

নেশ্যনেল ডেস্ক, 4 মাৰ্চ :তেলেংগানাৰৱানাপাৰ্থী জিলাত এখন গাড়ীয়ে গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা ৷ দুৰ্ঘটনাত 3 শিশুসহ 5 জন নিহত হোৱাৰ লগতে আহত আন সাতজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

সোমবাৰৰ মাজনিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । কোঠাকোটাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী গাড়ীখনে গছত খুন্দা মাৰে বুলি জানিবলৈ পৰা গৈছে । এই দুৰ্ঘটনাটোত তিনিটা শিশুকে ধৰি পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । হায়দৰাবাদৰ পৰা কৰ্ণাটকৰ বাল্লাৰীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা ।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাত আব্দুল ৰহমান (62), ছালিমা জী (85), শিশু ৱাচিৰ ৰাউত (7 মাহ), বুছৰা (2), আৰু মাৰিয়া (5)ৰ মৃত্যু ঘটে । চিকিৎসকে জনোৱা মতে, দুৰ্ঘটনাটোত আহত হোৱা সমীৰা (5), হুছেইন (10), শ্বাফি, কাদিৰুন্নিছা, হাবিব, আলী, আৰু শ্বাহজাহান বাইগৰ অৱস্থা সংকটজনক । আহত আলী ৱানাপাৰ্থী হাস্পতালত চিকিৎসাধীন হৈ আছে । বাকীসকলক উন্নত চিকিৎসাৰ বাবে কুৰ্ণুললৈ স্থানান্তৰ কৰা হয় ।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত 12 জন লোক আছিল । সোমবাৰে মাজনিশা আঢ়ৈ-তিনি বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনাৰ ঘটনাটো । চালকে টোপনিৰ প্ৰভাৱত গাড়ী চলাই থকাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে অনুমান কৰিছে ।

তীব্ৰ বেগত গছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে । আৰক্ষী আৰু এল এণ্ড টিৰ কৰ্মচাৰীয়ে ইয়াত আৱদ্ধ হৈ থকা শিশুসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ এঘণ্টাৰো অধিক সময় কাম কৰিবলগীয়া হৈছিল । নিহত আৰু আহত লোকসকল কৰ্ণাটকৰ বল্লাৰী জিলাৰ বুলি জানিব পৰা গৈছে ।

বল্লাৰীলৈ উভতি আহোঁতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৱানাপাৰ্থী জিলাত । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক:পথ দুৰ্ঘটনাত মৃত্যু বিধায়িকা লাস্য নন্দিতাৰ; মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details