নিউজ ডেস্ক, ২১ মাৰ্চ :কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ৰ বাবে নিযুক্তি পৰিচালনা কৰা কৰ্মচাৰী বাছনি আয়োগে (এছএছচি) এটা পৰ্যায়ৰ তথ্য অজানিতে বাদ পৰাৰ পিচত মণিপুৰৰ পৰীক্ষাৰ ফলাফল প্ৰত্যাহাৰ কৰিছে ।
আয়োগে ১৫ মাৰ্চত মণিপুৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), সচিবালয় সুৰক্ষা বাহিনী (এছএছএফ), অসম ৰাইফলছত ৰাইফলমেন (সাধাৰণ কৰ্তব্য) আৰু নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোত চিপাহী পৰীক্ষা, ২০২২ৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছিল ।
মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ প্ৰাৰ্থীসকলৰ সন্দৰ্ভত শাৰীৰিক আৰু চিকিৎসা পৰীক্ষা একাধিক পৰ্যায়ত সম্পন্ন কৰা হৈছিল । এছএছচিৰ এক জাননীত প্ৰকাশ ।
উল্লেখ্য যে 15 মাৰ্চৰ ফলাফল প্ৰক্ৰিয়াত এটা পৰ্যায়ৰ তথ্য অজানিতে বাদ পৰা বুলি জাননীখনত জনোৱা হৈছে ।
"উপৰিউক্ত কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চৰ 15 তাৰিখে প্ৰকাশিত ফলাফলটো প্ৰত্যাহাৰ কৰা হৈছে । প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তথ্য অন্তৰ্ভুক্ত কৰি মণিপুৰৰ সন্দৰ্ভত সংশোধিত চূড়ান্ত ফলাফল সোনকালেই প্ৰকাশ কৰা হ'ব ।" ১৮ মাৰ্চৰ এছএছচিৰ জাননীখনত কোৱা হৈছে ।
উল্লেখ্য যে এছএছচি হৈছে চৰকাৰৰ সৰ্ববৃহৎ নিয়োগকাৰী সংস্থাবোৰৰ ভিতৰত এটা । ইয়াৰ মুখ্য উদ্দেশ্য হৈছে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ সকলো গ্ৰুপ বি (অনা-ৰাজপত্ৰিত) আৰু গ্ৰুপ চি (অনা-কাৰিকৰী) পদত নিযুক্তি দিয়া ।