অসম

assam

ETV Bharat / bharat

সম্ভল হিংসা : বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ, ইণ্টাৰনেট-বিদ্যালয় বন্ধ - SAMBHAL VIOLENCE

জামা মছজিদৰ জৰীপৰ বাবে আদালতৰ নিৰ্দেশৰ পিছতে সম্ভলত উত্তেজনা । প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ৩ জন লোকৰ মৃত্যু ।

Sambhal violence
সম্ভল হিংসা:বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ (PTI)

By PTI

Published : Nov 25, 2024, 11:26 AM IST

সম্ভল :উত্তৰ প্ৰদেশৰ সম্ভলতহিংসাত্মক পৰিস্থিতি । প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ইতিমধ্যে ৩ লোকে প্ৰাণ হেৰুৱাইছে । কেৱল এয়াই নহয় নিৰাপত্তা বাহিনী আৰু প্ৰশাসনৰ বহু লোকো আহত হৈছে । এনে পৰিস্থিতিত কঠোৰ হৈছে সম্ভল প্ৰশাসন । জিলা প্ৰশাসনে সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে ।

নিৰ্দেশটোত কোৱা হৈছে, "নিৰ্দিষ্ট বিষয়াৰ অনুমতি অবিহনে কোনো বাহিৰৰ লোক, আন সামাজিক সংগঠন বা ৰাজহুৱা প্ৰতিনিধি জিলা সীমান্তত প্ৰৱেশ কৰিব নোৱাৰিব । এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব ।" আনহাতে এই নিৰ্দেশ উলংঘন বিএনএছৰ ধাৰা ২২৩ (ৰাজহুৱা কৰ্মচাৰীৰ দ্বাৰা যথাযথভাৱে জাৰী কৰা আদেশ অমান্য)ৰ অধীনত শাস্তিযোগ্য হ'ব ।

  • কিয় এই পৰিস্থিতি ?

বিগত ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল । জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পিছতে উত্তেজনা তীব্ৰতৰ হৈ পৰে । জৰীপ চলাবলৈ এটা দল উপস্থিত হোৱাৰ পিছতে দেওবাৰে একাংশ লোকে প্ৰতিবাদ আৰম্ভ কৰে । আদালতৰ নিৰ্দেশৰ বিৰোধিতাৰে সম্ভলত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ লয় ।

প্ৰতিবাদকাৰীসকলে বাহন জ্বলাই দিছিল আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল । নিৰাপত্তাকৰ্মীসকলে ক্ষোভিত লোকক ছত্ৰভঙ্গ দিবলৈ কন্দুৱা গেছ আৰু লাঠিচালনা কৰিছিল । ঘটনা সন্দৰ্ভত বিভাগীয় আয়ুক্ত অঞ্জনেয়া কুমাৰ সিঙে দেওবাৰে কয়, "দুৰ্বৃত্তই গুলীচালনা কৰিছিল । য'ত আৰক্ষী অধীক্ষকৰ পিআৰঅ'ৰ ভৰিত গুলী লাগিছিল, গুলীবিদ্ধ হৈ চক্ৰ বিষয়া আঘাতপ্ৰাপ্ত হৈছিল আৰু হিংসাত ১৫ৰ পৰা ২০ গৰাকী সুৰক্ষা কৰ্মী আহত হৈছিল ।" সিঙে কয়, "নাইম, বিলাল আৰু নৌমান নামৰ তিনিগৰাকী লোক নিহত হৈছে ।"

আৰক্ষীয়ে জনোৱা মতে দুগৰাকী মহিলাসহ ২১ গৰাকী লোকক আটক কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে । জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই জনোৱা মতে দুগৰাকী লোকৰ মৃত্যুৰ কাৰণ স্পষ্ট -দেশীয় পিষ্টলৰ গুলীৰ আঘাত । তৃতীয় লোকজনৰ মৃত্যুৰ কাৰণ স্পষ্ট নহয় কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছত স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰে ।

  • ইণ্টাৰনেট সেৱা কৰ্তন, বিদ্যালয় বন্ধ

হিংসাত্মক ঘটনাৰ পিছতে সম্ভল তহচিলত ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হয় আৰু জিলা প্ৰশাসনে সোমবাৰে সকলো বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক :দিল্লীৰ NCR ত বৃদ্ধি শীতৰ প্ৰকোপ, সামান্য উন্নত হৈছে বায়ুৰ গুণাগুণ

ABOUT THE AUTHOR

...view details