নেশ্যনেল ডেস্ক,২৯ ফেব্ৰুৱাৰী :মধ্যপ্ৰদেশৰ ডিন্দোৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীভৰ্তি এখন পিকআপ বাহনৰ দুৰ্ঘটনাৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । একে সময়তে, দুৰ্ঘটনাটোত ২১ ৰো অধিক লোক আহত হোৱা বুলি কোৱা হৈছে । শ্বাহপুৰা আৰক্ষী থানাৰ বিচিয়া আৰক্ষী চকীৰ অন্তৰ্গত বদঝাৰ ঘাটত দুৰ্ঘটনাটো সংঘটিত হয় ।
তথ্য অনুসৰি, পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰু ঘটনাস্থলীতে ১৪ গৰাকী লোকৰ মৃত্যু হয় । ঘটনাটো নিশ্চিত কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক জগন্নাথ মাৰ্কামে কয় যে বিচিয়া আৰক্ষী চকীৰ অন্তৰ্গত আমহী দেৱৰী গাঁৱৰ বাসিন্দাসকল মাণ্ডলা চকৰ এক কাৰ্যসূচীলৈ গৈ আছিল । ঘুগ্ৰিৰ পৰা উভতি অহাৰ সময়তে হঠাতে MP-20-GB-4146 নম্বৰৰ পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ পৰা ২০ ফুট তলত বাগৰি পৰে ।
দুৰ্ঘটনাটোত আহত লোকসকলক চিকিৎসাৰ বাবে সমীপৰ শ্বাহপুৰা কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । আহতসকলৰ বহুতৰ অৱস্থা সংকটজনক বুলিও কোৱা হৈছে । ইফালে দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।