নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :কলকাতাৰ আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদ এতিয়াও চলি আছে । শেহতীয়াভাৱে এই প্ৰতিবাদৰ অংশ হিচাপে পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকসকলে পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্টৰ বেনাৰত ২ অক্টোবৰত মহালয়াৰ দিনা এক বিশাল প্ৰতিবাদী সমদল আৰু গণসমাবেশৰ আহ্বান জনাইছে । আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলৰ অন্যতম অনিকেত মাহাতোৱে শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ।
অনিকেত মাহাতোৱে কয় যে এই ৰেলী ২ অক্টোবৰত কলেজ স্কোৱেৰৰ পৰা ধৰমতলালৈ ৰাওনা হ'ব । তেওঁ লগতে কয় যে ধৰমতলা বা য'তে অনুমতি দিয়া হয়, সেইদিনাই এক গণসমাবেশো অনুষ্ঠিত হ'ব ।
অনিকেত মাহাতোৱে লগতে কয় যে কনিষ্ঠ চিকিৎসকসকলে উক্ত সমাবেশৰ পৰাই তেওঁলোকৰ ভৱিষ্যৎ কাৰ্যসূচীও ঘোষণা কৰিব । আনহাতে, একেদিনাই আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৃত চিকিৎসকগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব । অনিকেত মাহাতোৱে কয় যে প্ৰতিমূৰ্তিটো ক'ত স্থাপন কৰা হ'ব সেই বিষয়ে কৰ্তৃপক্ষৰ সৈতে আলোচনা চলি আছে । জানিব পৰা মতে, এই প্ৰতিমূৰ্তি কেৱল আৰ জি কৰতে নহয়, ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তো স্থাপন কৰা হ'ব ।