নিউজ ডেস্ক, ২৩ মাৰ্চ :কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ 'দ্বৈত ভূমিকা'ৰ বাবে সমালোচনা কৰে । লগতে কয় যে দিল্লীত ৱায়েনাড়ৰ সাংসদগৰাকীয়ে কেজৰিৱালৰ পৰিয়ালৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰাৰ বিপৰীতে তেলেংগানাত তেওঁ দাবী কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰী 'দুৰ্নীতিগ্ৰস্ত' ।
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়, "ৰাহুল গান্ধীয়ে কেনেকৈ একেটা বিষয়ত বিভিন্ন ধৰণে পাশা ঘূৰাই দিয়ে তাৰ প্ৰমাণ মই দিব বিচাৰো । ২০২৩ চনৰ ২ জুলাইত তেলেংগানাত তেওঁ কৈছিল যে কেচিআৰো দুৰ্নীতিগ্ৰস্ত, তাত সুৰা কেলেংকাৰী হৈছে আৰু সকলো সংস্থাই ইয়াৰ বিষয়ে জানে...।"
স্মৃতিয়ে লগতে কয়, "অজয় মাকেনে কৈছিল যে আপে গোৱা নিৰ্বাচনত কংগ্ৰেছ দলক পৰাস্ত কৰিবলৈ দুৰ্নীতিৰ ধন ব্যৱহাৰ কৰিছিল । তেন্তে কোনে সঁচা কৈছিল ?"
উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মালৈ সাত দিনৰ বাবে অৰ্থাৎ ২৮ মাৰ্চলৈকে প্ৰেৰণ কৰা হয় । দিল্লী আবকাৰী নীতিৰ গোচৰৰ লগত জড়িত এক ধন আত্মসাতৰ বিষয়ত তদন্ত সংস্থাটোৱে তেওঁক গ্ৰেপ্তাৰৰ এদিন পিচত জিম্মা লাভ কৰে ।
দিল্লীৰ ৰাউজ এভিনিউ আদালতে শুকুৰবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাতৰ গোচৰত ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে । ইৰাণীয়ে কয়, "আজি আমি বিৱৰণ পাইছো যে কেনেকৈ এজন ব্যক্তিয়ে সাংবিধানিক পদত বহি সততাৰ উদ্ধৃতি দিয়ে, প্ৰশাসনিক যন্ত্ৰৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰ সংজ্ঞা দিয়ে সেয়া অৰবিন্দ কেজৰিৱালৰ কামৰ জৰিয়তে...।"
"ৰাহুল গান্ধীৰ প্ৰকৃত মুখ কোনখন ? যিজনে তেলেংগানাত ভাষণ দিছিল সেইজন নে দিল্লীত ভাষণ দিয়াজন ?" কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । ইয়াৰ পূৰ্বে তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ভাৰত ৰাষ্ট্ৰ সমিতিৰ ঘনিষ্ঠ সম্পৰ্ক আছে । কিয়নো যদিও কেন্দ্ৰৰ শাসকীয় দল প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ দিল্লী সুৰা কেলেংকাৰীত জড়িত থকাৰ বিষয়ে অৱগত, তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই ।