তেজপুৰ, ১ অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰে অলপতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ দিয়াৰ বাবে কৰা বহু প্ৰচাৰিত পৰিকল্পনাই দুটা ভৌগোলিক সীমা বিভাজিত কৰাই নহয়, ই প্ৰকৃততে মানুহৰ সংস্কৃতি, জাতি আৰু চহকী ইতিহাসকো ভাগ কৰিব । নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁৱৰ আং (ৰজা)ৰ ঘৰটো এনেকুৱা উদাহৰণ য’ত বেৰখন বাস্তৱায়িত হ’লে ঘৰৰ এটা অংশ ম্যানমাৰত থাকিব আৰু আনটো অংশ ভাৰতৰ লগত থাকিব ।
প্ৰজন্মৰ পিছত প্ৰজন্মৰ পৰা একে সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত জীয়াই থকা লোকসকলক এই ফেন্সিঙে বিভাজিত কৰিব । নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁও জিলাখনৰ অন্যতম এখন বৃহৎ গাঁও আৰু ইয়াত গাঁৱৰ মুৰব্বী বা আঙেই শাসক । কিন্তু এই ঠাইখনৰ আটাইতকৈ আমোদজনক কথাটো হ’ল ভাৰত আৰু ম্যানমাৰক পৃথক কৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আঙৰ ঘৰৰ মাজেৰেই গৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে লংৱা গাঁৱৰ বাসিন্দাসকলৰ দ্বৈত নাগৰিকত্ব থকাটো কোনো আচৰিত কথা নহয় ।
মন জিলাৰ ভিতৰত থকা সাতটা আঙৰ ভিতৰত লংৱাৰ আং হৈছে অন্যতম । আংসকলে কেইবাখনো সৰু সৰু গাঁৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে, ইয়াৰে কিছুমান গাঁও পূৰ্বতে মন, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰত আছিল । একেলগে তেওঁলোকৰ প্ৰথাগত, পৰম্পৰাগত আৰু সাংস্কৃতিক সম্পৰ্ক অতি শক্তিশালী আছিল ।
লংৱা গাঁৱৰ বাসিন্দাসকল ভাৰতৰ শেষৰটো হেডহাণ্টাৰ (নৰমুণ্ড চিকাৰী) কন্যাক নগা জনগোষ্ঠীৰ । কন্যাক জনগোষ্ঠীৰ বাবে হেডহাণ্টিঙৰ প্ৰথা সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ আছিল । যেতিয়া কোনো এটা প্ৰতিদ্বন্দ্বী জনগোষ্ঠীয়ে তেওঁলোকৰ লগত যুদ্ধ কৰিছিল, যিটো জনগোষ্ঠীয়েই জয়ী হৈছিল, ক্ষমতা, শক্তি, সমৃদ্ধিৰ প্ৰতীক হিচাপে শত্ৰুৰ মূৰটো কাটি ঘৰলৈ লৈ আনিছিল । এই পৰম্পৰাৰ অন্ত পৰিল ১৯৬০ চনৰ পৰা ।
কন্যাক নগাসকলৰ চহকী সংস্কৃতি আৰু পৰম্পৰাই মন জিলালৈ বহু পৰ্যটক কঢ়িয়াই আনে । লংৱা হৈছে ভ্ৰমণকাৰীসকলে সঘনাই যোৱা গাঁওসমূহৰ ভিতৰত অন্যতম, যিসকলে নগা সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী বা এই দুৰ্গম গাঁওখনৰ বাসিন্দাসকলে কেনেকৈ দ্বৈত নাগৰিকত্ব উপভোগ কৰে সেয়া জানিব খোজে তেওঁলোকৰ বাবে এই স্থান উপযুক্ত ।