নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল :উত্তৰ প্ৰদেশৰ ললিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় এখন বৰযাত্ৰীৰ বাহন । বিবাহ অনুষ্ঠানৰ পৰা উভতি গৈ থকাৰ সময়তে পুৱতি নিশা ৰাজঘাট-ললিতপুৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিয়ন্ত্ৰণহীন বাছখন ৰাস্তাৰ কাষতে বাগৰি পৰে । দুৰ্ঘটনাটোত ২৪ গৰাকী যাত্ৰী আহত হয় । তেওঁলোকৰ ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । তেওঁলোকক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আটাইকেইজন আহত মধ্য প্ৰদেশৰ বাসিন্দা ।
প্ৰশাসনৰ এগৰাকী বিষয়াৰ মতে কইনাৰ ফালৰ পৰা কিছু লোক মধ্য প্ৰদেশৰ অশোক নগৰ জিলাৰ মুংৱালী চহৰৰ পৰা বিবাহ অনুষ্ঠানৰ বাবে ব্যক্তিগত বাছখনেৰে ললিতপুৰলৈ গৈছিল । বিবাহৰ ৰীতি-নীতি বুধবাৰে অনুষ্ঠিত হৈছিল । তাৰ পিচত বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত, ২৫ জনৰো অধিক লোক বাছখনেৰে অশোকনগৰলৈ উভতি গৈছিল ।