অমৃতসৰ : দেওবাৰে নিশা অমৃতসৰৰ শ্ৰীগুৰু ৰাম দাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত তৃতীয়টো ভাৰতীয়ৰ দল ৷ আমেৰিকাৰ সামৰিক বিমানেৰে অনা এই ভাৰতীয় দলটোত আছে প্ৰায় ১১২ জন লোক ৷ ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীৰ দিনা আমেৰিকাৰ পৰা বিতাড়িত ১১৬ জন ভাৰতীয় নাগৰিকক অনা হৈছিল ৷
অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে এই ভাৰতীয়সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তাৰ পাচতে তেওঁলোকক সোধা-পোছাও কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷
- ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা
১৬ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে অবৈধভাৱে আমেৰিকাত বাস কৰা ভাৰতীয়ৰ তৃতীয়টো দল । আমেৰিকাৰ বায়ুসেনাৰ চি-১৭এ গ্ল’বমাষ্টাৰ বিমানেৰে(C-17A Globemaster aircraft) অনা হৈছিল ১১২জন লোকক । ইয়াৰ উপৰিও ৩৩ জন গুজৰাটৰ, ২ জন উত্তৰ প্ৰদেশৰ, ১ জন হিমাচল প্ৰদেশৰ আৰু ১ জন উত্তৰাখণ্ডৰ লোক আছিল উক্ত বায়ুসেনাৰ বিমানখনত ।
লাভ কৰা তথ্য মতে, এই পৰ্যন্ত মুঠ ৩৩৫ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে । বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে আটাইকেইজন লোককে বিভাগীয় কৰ্তৃপক্ষই বহু সময় ধৰি জেৰা চলায় ৷ জেৰাৰ অন্তত আটাইবোৰ লোককে বিভাগীয় কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ ইফালে হাৰিয়ানাৰ লোককেইজনৰ বাবে এখন ভলভ' বাছৰ ব্যৱস্থা কৰে আৰক্ষীৰ বিষয়াসকলে ৷
- স্বাস্থ্য পৰীক্ষাৰ অন্তত সকলো নিজৰ ৰাজ্যলৈ ৰাওনা হৈছে : উপ-আয়ুক্ত
দেওবাৰে নিশা অমৃতসৰৰ উপ-আয়ুক্ত সাক্ষী সাহনীও বিমানবন্দৰত উপস্থিত হয় ৷ আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়ৰ প্ৰসংগত তেওঁ কয়, ‘‘সকলো ভাৰতীয়ৰ স্বাস্থ্য ঠিকেই আছে ৷ এই দলটোত পুৰুষ-মহিলাৰ লগতে কেবাটাও শিশু আছে ৷’’
নিজা নিজা ঘৰলৈ তেওঁলোকক পঠিওৱাৰ সন্দৰ্ভত উপ-আয়ুক্তগৰাকীয়ে কয়, ‘‘পঞ্জাব আৰু হাৰিয়ানাৰ লোকসকলক পদপথেৰে পঠোৱা হ’ব আৰু বাকীসকলক ঘৰুৱা বিমানেৰে দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে ৷’’
- পুত্ৰক নিবলৈ পিতৃ উপস্থিত বিমানবন্দৰত :
দেওবাৰে নিশা পুত্ৰক নিবলৈ বিমানবন্দৰত উপস্থিত হয় দিলীপ সিং নামৰ এজন বৃদ্ধ ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমেৰিকালৈ যোৱা মোৰ ল'ৰা বুটা সিঙক নিবলৈ মই আহিছো ৷ তেওঁৰ বয়স ৩৭ বছৰ । আমি পিপলি শ্বাহকোট গাঁৱৰ বাসিন্দা । বুটা সিঙে ইয়াত কৃষিৰ কাম কৰিছিল ৷ তেওঁ বিবাহিত আৰু তেওঁৰ তিনিটা সন্তান আছে । পাঁচ মাহ আগতে তেওঁ ঘৰ এৰি আমেৰিকালৈ গৈছিল ৷ আমি আজি গম পালো আৰু আমি তেওঁক নিবলৈ আহিছো ।"
বুটা সিঙৰ দেউতাকে কয়, ‘‘সি নিজৰ মাটি বন্ধকত ৰাখি আমেৰিকালৈ গুচি গৈছিল নে কেনেকৈ কি কৰিছিল সেয়া তেওঁ আহিহে ক’ব পাৰিব নহ’লে তেওঁৰ পত্নীয়ে গম পাব ।’’
সিঙে কয়, "পঞ্জাব চৰকাৰৰ পৰা আমাৰ কোনো আশা নাই । এতিয়া আন যুৱক-যুৱতীসকলে এটা শিক্ষা ল'ব লাগে যে তেওঁলোকে সঠিকভাৱে বিদেশলৈ যাব লাগে যাতে তেওঁলোকৰ ধন অপচয় নহয় । চৰকাৰেও যুৱক-যুৱতীসকলৰ প্ৰতি গুৰুত্ব দিব লাগে, যদি পঞ্জাবত কৰ্মসংস্থাপন আছে তেন্তে ল'ৰা-ছোৱালীয়ে নিজৰ কাম ইয়াতেই কৰিব লাগে ।"