অসম

assam

ETV Bharat / bharat

কাৰ্গিল যুদ্ধৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ: শ্বিনকুন লা-টানেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ - Kargil Vijay Diwas 2024 - KARGIL VIJAY DIWAS 2024

Kargil Vijay Diwas 2024: কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ ড্ৰাছত কাৰ্গিল যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি জ্ঞাপন কৰে । অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি দেশৰ শীৰ্ষ নেতাসকলেও শ্বহীদক স্মৰণ কৰে । মোদীয়ে শ্বিনকুন লা-টানেল প্ৰকল্পৰ প্ৰথমটো বিস্ফোৰণৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰে । ই হ'ব বিশ্বৰ সৰ্বোচ্চ সুৰংগ ।

Kargil Vijay Diwas 2024
কাৰ্গিল যুদ্ধৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ (ANI Photo)

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:05 PM IST

নেশ্যনেল ডেস্ক,২৬ জুলাই :আজি কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতীয় সেনাৰ বীৰত্বক স্মৰণ কৰি দেশজুৰি এই দিৱস পালন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লাডাখৰ ড্ৰাছত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্গিল যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি জ্ঞাপন কৰে । প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল অনিল চৌহান আৰু সশস্ত্ৰ বাহিনীৰ সকলো শীৰ্ষ বিষয়াই কাৰ্গিল যুদ্ধৰ সময়ত সৈনিকসকলে কৰা সৰ্বোচ্চ ত্যাগক স্মৰণ কৰে ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত কাৰ্গিল যুদ্ধৰ বীৰ সাহসীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কয় যে কাৰ্গিল বিজয় দিৱস হৈছে সেনাৰ বীৰ সৈনিকসকলৰ অটল সংকল্প আৰু বীৰত্বৰ প্ৰতীক । এক্সৰ এটা পোষ্টত তেওঁ কাৰ্গিল বিজয় দিৱস উপলক্ষে সাহসী জোৱানসকলক স্মৰণ কৰে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কাৰ্গিল বিজয়ৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে তেওঁৰ পত্নীৰ সৈতে কাৰ্গিল যুদ্ধৰ নায়ক, জ্যেষ্ঠ বিষয়া, বীৰনাৰী আৰু সাহসী জোৱানৰ পৰিয়ালৰ সদস্যসকলক কাৰ্গিল যুদ্ধ স্মাৰকত সম্বৰ্ধনা জনায় ।

ইফালে কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিনকুন লা-টানেল প্ৰকল্পৰ প্ৰথমটো বিস্ফোৰণৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰে । পিএমঅ'ৰ এক বিজ্ঞপ্তি অনুসৰি, শ্বিনকুন লা-টানেল প্ৰকল্পত ৪.১ কিলোমিটাৰ দীঘল টুইন-টিউব টানেল থাকিব যাক নিমু-পাডুম-দৰচা ৰোডত প্ৰায় ১৫,৮০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব । ই লেহক সকলো বতৰতে সংযোগ কৰিব । এই সুৰংগ সম্পূৰ্ণ হোৱাৰ পিচত ই বিশ্বৰ সৰ্বোচ্চ সুৰংগ হ'ব ।

শ্বিনকুন লা টানেল বা সুৰংগ কেৱল আমাৰ সশস্ত্ৰ বাহিনী আৰু সঁজুলিৰ দ্ৰুত আৰু দক্ষ চলাচল নিশ্চিত কৰাই নহয় লাডাখত অৰ্থনৈতিক আৰু সামাজিক বিকাশো বৃদ্ধি কৰিব ।

লগতে পঢ়ক :কাৰ্গিল বিজয় দিৱসত লাডাখৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ - PM MODI ON KARGIL VIJAY DIWAS

ABOUT THE AUTHOR

...view details