নতুন দিল্লী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিখিল কামাথৰ প'ডকাষ্ট শৃংখলা 'পিপল বাই ডব্লিউ টি এফ'ৰ পৰৱৰ্তী অতিথি । ইয়াৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । ইয়াৰ পূৰ্বে জিৰোধাৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে তেওঁৰ প'ডকাষ্টৰ আগন্তুক খণ্ডটোৰ টীজাৰৰ সৈতে অনলাইন চৰ্চাৰ এক আভাস দিছিল । তাত তেওঁক এগৰাকী ৰহস্যময় অতিথিৰ সৈতে হিন্দীত কথা পতা দেখা গৈছিল ।
এই প্ৰ'মো ক্লিপটোৱে ছ'চিয়েল মিডিয়াত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল । লগতে বহুতেই অনুমান কৰিছিল যে এইগৰাকী অতিথি আন কোনো নহয়, বৰং প্ৰধানমন্ত্ৰী মোদী । বৰ্তমান এইগৰাকী বিলিয়নাৰে খণ্ডটোৰ দুই মিনিটৰ এক ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে । ইয়াৰ কেপচন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে... খণ্ড ৬ ট্ৰেইলাৰ ।
ভিডিঅ'টোত কামাথক প্ৰধানমন্ত্ৰীৰ সৈতে এক স্পষ্ট বাৰ্তালাপ কৰা দেখা যাব পাৰে । উদ্যোগপতিগৰাকীয়ে ভিডিঅ'টোত হিন্দী ভাষাত কৈছে, "মই ইয়াত আপোনাৰ সন্মুখত বহি আছোঁ আৰু কথা পাতিছো, সেয়ে মোৰ ভয় লাগিছে । এইটো মোৰ বাবে এটা কঠিন বাৰ্তালাপ ।"
আনহাতে, হাস্যবদনে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিছে, "এইটো মোৰ প্ৰথম প'ডকাষ্ট, মই নাজানো যে এইটো আপোনাৰ দর্শকসকলৰ কেনেকুৱা লাগিব ।" প্ৰধানমন্ত্ৰী মোদীয়ে কামাথৰ প'ষ্টটো কেপচনসহ পুনৰ পোষ্ট কৰিছে কৈছে, "মই আশা কৰো যে আপোনালোক সকলোৱে ইয়াক তেনেদৰেই পছন্দ কৰিব, যেনেদৰে আমি আপোনালোকৰ বাবে ইয়াক বনাওঁতে আনন্দ পাইছিলো ।"
প্ৰধানমন্ত্ৰী মোদীৰ জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথৰ সৈতে প'ডকাষ্টৰ আৰম্ভণি তেওঁ ট্ৰেইলাৰত কোৱা দেখা গৈছে, "নাজানো এইটো কেনেদৰে চলিব ।" আনহাতে, জিৰোধাৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে প'ডকাষ্টৰ খণ্ডটোৰ বাবে নিজৰ দৃষ্টিভংগী শ্বেয়াৰ কৰি কৈছে যে তেওঁ ৰাজনীতি আৰু উদ্যমিতাৰ মাজত সংযোগ সৃষ্টি কৰিব বিচাৰিছে । অৱশ্যে খণ্ডটো কেতিয়া প্ৰকাশ পাব তাৰ সঠিক তাৰিখ এতিয়াও ৰহস্য হৈ আছে ।
যিসময়ত বিশ্বৰ কিছু অংশত যুদ্ধ চলি আছে, তেনে সময়ত উদ্যোগপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীক বিশ্বৰ বৰ্তমান অৱস্থাৰ বিষয়ে প্ৰশ্ন সোধে । দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ভাষণৰ বিষয়েও কথা পাতে । মোদীয়ে এই সন্দৰ্ভত কয়, "মই কিছু কথা অসংবেদনশীলভাৱে কৈছিলো । ভুল হয় । মই মানুহ, ভগৱান নহয় ।’’
ইয়াৰ উপৰি দুয়োগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নিৰৱচ্ছিন্ন দুটা কাৰ্যকালৰ বিষয়েও আলোচনা কৰে । কামাথে কয়, "দক্ষিণ ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ ঘৰত ডাঙৰ-দীঘল হোৱাৰ বাবে আমাক সদায় কোৱা হৈছিল যে ৰাজনীতি এক বেয়া খেল । এই ধাৰণা আমাৰ মনত ইমান গভীৰভাৱে সোমাই গৈছে যে ইয়াক সলনি কৰাটো প্ৰায় অসম্ভৱ । যিসকলে এনেকুৱাকৈ ভাবে, তেওঁলোকৰ বাবে আপোনাৰ পৰামৰ্শ কি ?"
প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ, "যদি আপোনাৰ আপুনি কোৱা কথাত বিশ্বাস থাকিলহেঁতেন, তেন্তে আমি এই বাৰ্তালাপ কৰি নাথাকিলোহেতেন ।" ষষ্ঠ খণ্ডৰ এই ট্ৰেইলাৰে আগতীয়াকৈ দর্শকক আকৰ্ষিত কৰি তুলিছে, যদিও ইয়াৰ মুক্তিৰ সঠিক তাৰিখ এতিয়াও ৰহস্য হৈ আছে । আনহাতে, ট্ৰেইলাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী ইউজাৰে লিখিছে, "অতি ভাল !! এই খণ্ডটোৰ বাবে সঁচাকৈয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো ।"
আন এগৰাকীয়ে টিপ্ননি দিছে "এইটো চাবলৈ উৎকণ্ঠিত হৈ আছো যে ইয়াৰ পৰা কি অন্তৰ্দৃষ্টি লাভ কৰা যায় ! প্ৰভাৱশালী নেতাসকলৰ কথা শুনাটো সদায় ৰোমাঞ্চকৰ হয় ।" আন এগৰাকী ইউজাৰে কৈছে, "বাস্তৱ প্ৰশ্নসমূহ সন্মুখলৈ অহা দেখি ভাল লাগিল । এইবোৰ হৈছে এনে প্ৰশ্ন হৈছে, যিবোৰ আমি বাস্তৱত ৰাষ্ট্ৰৰ সামগ্ৰিক লাভৰ বাবে প্ৰধানমন্ত্ৰীক সুধিব বিচাৰো ।"