ETV Bharat / bharat

ভেলেণ্টাইন ডে’ত লুটিয়াও আহক ঢোলা-মাৰুৰ মধুৰ প্ৰেমৰ পৃষ্ঠা... - RAJASTHANI DHOLA MARU LOVE STORY

প্ৰেমৰ দিৱস অৰ্থাৎ ভেলেণ্টাইন ডে’ত দেৱদাস-পাৰো, ছাহজাহান-মমতাজ, ছেলিম-আনাৰকলি বা ৰোমিঅ’-জুলিয়েটৰ কাহিনী নহয়; জানো আহক ঢোলা-মাৰুৰ অমৰ প্ৰেম কাহিনীৰ বিষয়ে...

Dhola-Maru love story
ঢোলা-মাৰুৰ প্ৰেম কাহিনীৰ প্ৰমাণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 7:16 PM IST

আজমেৰ : ৰাজস্থানক শৌৰ্য, ভক্তি, ত্যাগ আৰু উপাসনাৰ ভূমি বুলি বিশ্বাস কৰা হয় । এই পবিত্ৰ ভূমিতে অতীতত বহু প্ৰেম কাহিনীৰ সৃষ্টি হৈছে, যিবোৰ এতিয়াও লোকগীত আৰু দোহাৰত জীয়াই আছে । তেনে এটা কাহিনী হ’ল ঢোলা-মাৰুৰ প্ৰেম ।

ঢোলা-মাৰু কোনো কবি বা সাহিত্যিকৰ কল্পনা নহয়, কিন্তু এই দুটি চৰিত্ৰই ভক্তিময় প্ৰেমিক আৰু প্ৰেমিকাৰ ৰূপত কাহিনী, লোকগীত আৰু দোহাৰত অমৰ হৈ আছে ।

ঢোলা-মাৰুৰ প্ৰেম কাহিনীৰ বিষয়া (ETV Bharat)

প্ৰকৃততে ঢোলা-মাৰুৰ প্ৰেম কাহিনীটো নৱম শতিকাৰ । জনবিশ্বাস মতে, তেওঁলোকৰ বিবাহ ৯৩৮ খ্ৰীষ্টাব্দত কেকড়ীৰ বঘেৰা গাঁৱত হৈছিল ৷ য’ত আজিও তেওঁলোকৰ বিবাহৰ তোৰণ আৰু যজ্ঞৰ বেদীৰ চাৰিটা স্তম্ভ এতিয়াও আছে ।

আজি আমি আপোনালোকক জনাবলৈ লৈছো ঢোলা-মাৰুৰ সেই বিশেষ ঠাইখনৰ বিষয়ে, য'ত প্ৰথমবাৰৰ বাবে দুয়ো লগ পাইছিল । য’ত দুয়োৰে হৃদয়ত জাগ্ৰত হৈছিল প্ৰেম । তেওঁলোকৰ প্ৰেমৰ সেই চানেকী আজিও অমৰ হৈ আছে । কিন্তু সময়ৰ গতিত আৰু চৰকাৰৰ কিছু অৱহেলতাৰ বাবে ঢোলা-মাৰুৰ প্ৰেমৰ সাক্ষী হৈ ৰোৱা এই ঠাইখন এতিয়াও নিৰ্জন হৈ পৰি ৰৈছে ।

  • যুগ যুগ ধৰি প্ৰবাহমান অমৰ প্ৰেমৰ এই গাথা :

নৰৱাৰ গাঁৱৰ লোকসকলে কয় যে তেওঁলোকে যুগ যুগ ধৰি ঢোলা-মাৰুৰ প্ৰেম কাহিনী শুনি আহিছে । ঢোলা-মাৰুৰ ওপৰত লিখা গীত আৰু দোহাৰ আজিও জনপ্ৰিয় । প্ৰাক্তন গাঁওবুঢ়া ৰামেশ্বৰ লাল গাৰুৱে কয় যে নৰৱাৰ গাঁওখন ঢোলা-মাৰুৰ গাঁও । ইয়াতেই ঢোলা আৰু মাৰুৰ মিলন হৈছিল । আজমেৰৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নৰৱৰ গাঁও ।

Dhola-Maru love story
ঢোলা-মাৰুৰ প্ৰেম কাহিনীৰ অংশ এই কুঁৱা (ETV Bharat)

প্ৰাক্তন গাঁওবুঢ়াগৰাকীয়ে আৰু কয় যে ঢোলা-মাৰু হৈছে এনে এক প্ৰেম গাথা, যি আজিৰ সময়ৰ মানুহৰ বাবে বিশ্বাস কৰাটো অতি কঠিন । লগতে তেওঁ কয় যে ঢোলাক লৈ ৰাইজৰ মাজত বহুতো কিংবদন্তি আছে । একাংশই ঢোলাক নৰৱৰ গড়ৰ বুলি কয়, আনহাতে বেছিভাগ মানুহেই ঢোলাক আজমেৰৰ সমীপৰ নৰৱৰ গাঁৱৰ বুলি গণ্য কৰে ।

লগতে পঢ়ক : ভেলেণ্টাইন ডে' বিশেষ: ঝিটকু-মিটকীৰ অমৰ প্ৰেম কাহিনী...

একে সময়তে মাৰু ঝাংলু দেশৰ ৰজা পুংগলৰ কন্যা বুলি জনা যায় ৷ যি বৰ্তমান বিকানেৰৰ পুংগল স্থান । কিংবদন্তি অনুসৰি পুষ্কৰ মেলাৰ সময়ত ঢোলা আৰু মাৰুৰ দুই মাতৃয়ে লগ পাইছিল । ইয়াতেই দুয়োৰে বন্ধুত্ব হৈছিল । কথা-বতৰাৰ পাতি দুই মাতৃয়ে তেওঁলোকৰ সন্তানৰ বিয়াৰ কথাও পাতিছিল । সেই সময়ত ঢোলাৰ বয়স ৩ বছৰ আৰু মাৰুৰ বয়স মাত্ৰ ছমাহ হৈছিল ।

Dhola-Maru love story
ঢোলা-মাৰুৰ প্ৰেম কাহিনী (ETV Bharat)
  • বিৰহৰ পৰা মিলনলৈ :

প্ৰাক্তন গাঁওবুঢ়া ৰামেশ্বৰ লাল গাৰুৱে কয় যে প্ৰাপ্তবয়স্ক হোৱালৈকে ঢোলা আৰু মাৰুৱে ইজনে সিজন কেতিয়াও দেখা নাছিল ৷ কেৱল আনৰ মুখৰ পৰা ইজনে সিজনৰ বিষয়ে শুনিছিল । তেনেদৰেই দুয়োৰে হৃদয়ত ইজনে সিজনক লগ পোৱাৰ হাবিয়াস বাঢ়ি আহিছিল ।

এনে সময়তেই ঢোলাৰ মাক-দেউতাকে আন এজনী ছোৱালীৰ সৈতে তেওঁৰ বিবাহ কৰাই দিলে ৷ কিন্তু ঢোলাৰ মনৰ পৰা মাৰু কেতিয়াও আঁতৰি নগ’ল ৷ সদায় মাৰুক চাবলৈ অধিক আগ্ৰহী হৈ পৰিল ঢোলা । এজনী ছোৱালীক কেতিয়াও নেদেখাৰ পাছতো তেওঁৰ প্ৰতি থকা আগ্ৰহৰ বাবে ঢোলাৰ পত্নীৰ মনত ঈৰ্ষা জন্মিছিল । ঢোলাই যিকোনো প্ৰকাৰে মাৰুৰ বিষয়ে জানিবলৈ চেষ্টা কৰিয়েই থাকিল ।

ইফালে মাৰুৰ মনো ঢোলাক চাবলৈ বা এবাৰ লগ পাবলৈ আগ্ৰহী হৈ পৰিছিল । মাৰু লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে ৷ সেয়ে ৰজা পুংগলে ৰাজকুমাৰ ঢোলাক আহি মাৰুক লৈ যাবলৈ অনুৰোধ কৰি নৰৱৰলৈ বাৰে বাৰে বাৰ্তা প্ৰেৰণ কৰি থাকিল ৷ কিন্তু ৰজা পুংগলৰ এই বাৰ্তা কেতিয়াও ঢোলা বা তেওঁৰ মাক-দেউতাকৰ ওচৰ নাপাইছিলগৈ ৷ কিয়নো মাৰুপৰ প্ৰতি থকা ঈৰ্ষাৰ বাবে ঢোলাৰ পত্নীয়ে বাৰ্তা দিবলৈ অহা প্ৰতিজন দূতকে হত্যা কৰি পেলাইছিল ।

ইফালে বিচ্ছেদৰ জুইত ঢোলা আৰু মাৰু দুয়ো দহিবলৈ ধৰিলে । দুয়ো দোমোজাত পৰিল । ঢোলাই অনুভৱ কৰিবলৈ ধৰিলে যে পৰিয়ালটোৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে হয়তো মাৰুৰ ঘৰৰ পৰা কোনো বাৰ্তা পোৱা নাই । ইফালে মাৰুৱে ভাবিবলৈ ধৰিলে যে ঢোলাই হয়তো পুনৰ বিবাহপাশত আবদ্ধ হৈছে, সেয়ে তাইক লগ পোৱাৰ হাবিয়াস তেওঁৰ মনত নাই ৷ সম্ভৱতঃ মাৰুক ভাল নাপাই ঢোলাই ৷ কিন্তু মাৰুৱে আশা কৰিছিল যে তাইৰ মনত থকা প্ৰেমিকৰ প্ৰতিচ্ছবি হয়তো বাস্তৱত এদিন দেখা পাবই ।

লগতে পঢ়ক : ভেলেণ্টাইন ডে’ৰ পূৰ্বে ভাৰতীয় খেলুৱৈক হীৰাৰ আঙুঠি উপহাৰ বি চি চি আইৰ
  • এটা ঢুলীয়া ভিক্ষাৰী হৈ ৰাজপ্ৰসাদৰ তললৈ গ’ল :

ৰজা পুংগলৰ পৰা ঢুলীয়াৰ জৰিয়তে নৰৱৰলৈ বাৰ্তা পঠিয়ালে ৷ তেতিয়া মাৰুৱে বাৰ্তা দিবলৈ যোৱাজনক কিছু দোহা লিখি দিলে আৰু বাৰ্তাটো পোনপটীয়াকৈ নিদিবলৈ ক’লে ৷ বৰং দোহাটো গাই ঢোলাক শুনাবলৈ ক’লে । পুংগলৰ পৰা যে বাৰ্তা আহিছে সেই কথা কাকো নক’বলৈও তেওঁ বাৰ্তা দিবলৈ যোৱাজনক নিৰ্দেশ দিলে ।

ঢুলীয়াটো বৰ চতুৰ আছিল । তেওঁ ঢুলাকো লগত লৈ আহিব বুলি প্ৰতিশ্ৰুতি দিলে ৷ যেনেতেনে ঢুলীয়াটো ঢোলাৰ ৰাজপ্ৰসাদৰ তল পালেগৈ আৰু তাৰ পাছতে মাৰুৱে লিখা দোহাকেইটা ডাঙৰ ডাঙৰকৈ গাবলৈ ধৰিলে । গানৰ শব্দ শুনি ঢোলাই ঢুলীয়াটোক মাতিলে ।

ৰাজপ্ৰসাদত যেতিয়া ঢুলীয়াটোৱে গীত গাই আছিল, তেতিয়া তাত মাৰৱানী (মাৰু)ৰ নাম শুনি ঢোলা থতমত হ’ল । ঢোলাই ঢুলীয়াক এই বিষয়ে সুধিলে ৷ তাৰ পাছতে ঢুলীয়াটোৱে সকলো কথা বিৱৰি ক’লে লগতে পুংগল ৰজাৰ বাৰ্তাও দিলে । লগতে ঢুলীয়াটোৱে ঢোলাক মাৰুৰ সৌন্দৰ্যৰ বিষয়েও ক’লে ।

এই বাৰ্তা লাভ কৰাৰ পাছতে মাৰুক লগ পাবলৈ ঢোলা আৰু অধিক ব্যাকুল হৈ পৰিল ৷ সেই সময়তেই ঢোলা ঢুলীয়াটোৰ লগতে পুংগললৈ ৰাওনা হ’ল ৷ পুংগলৰ পৰা মাৰুক আনি কেকৰিত অৱস্থিত বঘেৰা গাঁৱত দুয়োৰে বিয়া হ’ল । সেয়ে আজিও বঘেৰা গাঁৱত ঢোলা-মাৰুৰ বিবাহৰ প্ৰতীক হিচাপে তোৰণ আৰু যজ্ঞ স্থানত স্থাপন কৰা চাৰিটা খুঁটা দেখিবলৈ পোৱা যায় ।

  • ঢোলা-মাৰুৰ প্ৰেমৰ প্ৰতীক এটা কুঁৱা :

গাঁওবুঢ়া ধৰ্মেন্দ্ৰ চৌধুৰীয়ে কয় যে বিয়াৰ পিছত ঢোলা আৰু মাৰু ইজনে সিজনৰ মাজত হেৰাই গৈছিল । আজিও নৰৱৰ গাঁৱৰ এটা কুঁৱা তেওঁলোকৰ অমৰ প্ৰেম কাহিনীৰ প্ৰত্যক্ষদৰ্শী । ভৱানী খেড়া আৰু নৰৱৰৰ মাজৰ পথৰ পৰা ৫০ মিটাৰ দূৰত্বত জোপোহাৰ মাজত এটা দ কুঁৱা আছে । কুঁৱাটোৰ চাৰিওকাষ শিলেৰে তৈয়াৰ কৰা হৈছে । কুঁৱাটোৰ মাজত এটা ডাঙৰ শিলৰ ফলক বা টুকুৰা আছে ।

গাঁৱৰ মানুহে কয় যে ইয়াতেই ঢোলা-মাৰুয়ে ঝুলনা প্ৰস্তুত কৰি ঘন্টা ঘন্টা ধৰি ঝুলনা ঝুলি প্ৰেম গান গাইছিল । কুঁৱাৰ ওচৰতে হাতী আৰু ঘোঁৰাক পানী যোগান ধৰাৰ বাবে ‘‘হাথী থান’’ (এটা টেংকি) আছে, ইয়াৰে এতিয়া মাত্ৰ কেইটামান অৱশিষ্টহে বাকী আছে । চৰকাৰৰ উদাসীনতাই ঢোলা-মাৰুৰ প্ৰেমৰ প্ৰতীক এই প্ৰাচীন কুঁৱাটোক নিৰ্জন কৰি তুলিছে ।

  • ঢোলা-মাৰুৰ প্ৰেম কাহিনী লোকগীত আৰু দোহাতে সজীৱ হৈ আছে :

তেজু নামৰ এজন গাঁওবাসী কয় যে ঢোলা-মাৰুৰ পবিত্ৰ প্ৰেম এতিয়াও গল্পৰ ৰূপত মানুহৰ মনত জীয়াই আছে । ৰাজস্থানৰ বহু অঞ্চলত এতিয়াও ঢোলা-মাৰুৰ প্ৰেম কাহিনীৰ আধাৰত ৰচিত গীত গোৱা হয় । ঢোলা-মাৰুৰ গীতবোৰো মংগল গীতত সন্নিবিষ্ট কৰা হৈছে । ইতিহাসৰ পাতত আজিও অমৰ হৈ ৰৈছে ঢোলা-মাৰুৰ প্ৰেম গাথা ।

লগতে পঢ়ক : প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ প্ৰেমৰ বিশেষ দিনটোত কৰক এই উপায়

লগতে পঢ়ক : প্ৰেমিকাই নহয়, আৰক্ষীয়েহে গোলাপ বিলালে বাইক চালকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.