পানীপথ :হাৰিয়ানাৰ পানীপথত ৰণক্ষেত্ৰত পৰিণত হ'ল বিবাহস্থলী । লেহেংগা আৰু নকল গহনাক কেন্দ্ৰ কৰি কইনা আৰু দৰাৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট । কেৱল কাজিয়াই নহয়, কোনো মুহূৰ্তত আক্ৰমণৰ বাবে তৰোৱালো উলিয়ালে এটা পক্ষই । যাৰ ফলত অৱশেষত বিবাহ অনুষ্ঠান বাতিল হ'ল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও হস্তক্ষেপ কৰিবলগীয়া হ'ল । জানিব পৰা মতে ২৩ ফেব্ৰুৱাৰীত বৰযাত্ৰী অমৃতসৰৰ পৰা আহি পানীপথত উপস্থিত হৈছিল । কিন্তু দৰাৰ পৰিয়ালে কইনাৰ বাবে ক্ৰয় কৰা লেহেংগা দেখি আচৰিত হৈ পৰে কইনাৰ পৰিয়াল ।
দৰাৰ পৰিয়ালৰ অভিযোগ
লেহেংগাযোৰক লৈ অসন্তুষ্ট কইনাৰ পৰিয়ালে দৃঢ়তাৰে কয় যে কইনাই ইয়াৰ পৰিৱৰ্তে দিল্লীৰ চান্দনী চ'কৰ ৪০,০০০ টকীয়া লেহেংগাহে পিন্ধিব । পৰিয়ালটোৱে কইনাৰ বাবে নকল গহনা ক্ৰয় কৰাৰো অভিযোগ উত্থাপন কৰে । লেহেংগা আৰু গহনাক লৈ হোৱা হুলস্থূল ক্ৰমাৎ বেয়ালৈ গতি কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক মাতিব লগীয়া হয় । ঘটনাটো ২৩ ফেব্ৰুৱাৰীত পানীপথৰ মডেল টাউনৰ ভাটিয়া কলনীত সংঘটিত হয় ।
এই ঘটনা সন্দৰ্ভত দৰাৰ ভাতৃয়ে ই টিভি ভাৰতক কয়, "আমি বিয়াৰ বাবে দুবছৰৰ সময় বিচাৰিছিলো ৷ কিন্তু কইনাৰ পৰিয়ালে আমাক বাৰে বাৰে হেঁচা দি আছিল । আমি তেওঁলোকক বিবাহ ভৱন বুক কৰিবলৈ ১০,০০০ টকা দিছিলো । তেওঁলোকে প্ৰথমে ২০,০০০ টকাৰ লেহেংগা দাবী কৰিছিল আৰু তাৰ পিছত আৰু অধিক দামী বিচাৰিছিল । আমি শেহতীয়াকৈ এটা নতুন ঘৰ নিৰ্মাণ কৰিছিলো যাৰ বাবে আমি ঋণ ল'বলগীয়া হৈছে, সেয়েহে আমি সাধ্য অনুসৰি লেহেংগা আনিছিলো ।"
তেওঁৰ মতে কইনাৰ আইতাকে দিল্লীৰ চান্দনী চ'কৰ পৰা ৫ প্ৰকাৰৰ সোণৰ অলংকাৰ আৰু এযোৰ লেহেংগা দাবী কৰিছিল । তেওঁ কয়, "আমি লেহেংগা ক্ৰয় কৰিছিলো কিন্তু কইনাৰ আইতাকে দাবী কৰিছিল যে সেয়া বোলে পুৰণি । আনকি আমি অহা-যোৱা কৰিবলৈ ৩৫,০০০ টকাত এখন গাড়ীও ভাড়া কৰিছিলো ।"