অসম

assam

সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত মহিলা: আহত 4 গৰাকী - Militant attack in Manipur

By PTI

Published : Sep 1, 2024, 9:37 PM IST

Manipur fresh violence: অশান্ত মণিপুৰত পুনৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীচালনা ৷ এগৰাকী মহিলাৰ মৃত্যু ৷ আতংকিত গাঁওবাসী ৷

Manipur fresh violence
সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত মহিলা (Representative Image)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ:গোষ্ঠী সংঘৰ্ষৰ তুঁহজুইকুৰা এতিয়াও উমি উমি জ্বলি আছে মণিপুৰত ৷ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাই উত্তৰ-পূবৰ মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ৰাজ্যখনত এতিয়াও শান্তি বিঘ্নিত কৰি আহিছে ৷ শেহতীয়াকৈ পুনৰ এক হিংসাত্মক ঘটনা সংঘটিত হৈছে মণিপুৰত ৷ আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে মণিপুৰৰ ইম্ফল পশ্চিম জিলাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে বন্দুক আৰু বোমা আক্ৰমণ কৰাৰ ফলত এগৰাকী মহিলা নিহত হয় আৰু আন চাৰিজন আহত হয় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, উগ্ৰপন্থীয়ে পাহাৰৰ স্থানৰ পৰা কৌট্ৰুক আৰু চুবুৰীয়া কাডাংবান্দৰ নিম্ন উপত্যকা অঞ্চলৰ ফালে নিৰ্বিচাৰভাৱে গুলীচালনা কৰে আৰু মহিলাগৰাকীক হত্যা কৰে ৷ তেওঁৰ আঠ বছৰীয়া কন্যা আৰু এজন আৰক্ষী বিষয়াকে ধৰি আন চাৰিজন আহত হয় এই আক্ৰমণৰ ঘটনাত ।

আৰক্ষীয়ে লগতে কয় যে গাঁওখনত হঠাতে হোৱা আক্ৰমণৰ ফলত ব্যাপক আতংকৰ সৃষ্টি হয় ৷ যাৰ ফলত মহিলা, শিশু আৰু বৃদ্ধসহ বহুতো বাসিন্দা সুৰক্ষিত অঞ্চললৈ পলাই যাবলৈ বাধ্য হয় । মৃত মহিলাগৰাকীক ৩১ বছৰীয়া নাংবাম সুৰবালা দেৱী বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ লৈ যোৱা হৈছে ।

মৃত নাংবাম সুৰবালা দেৱীৰ জীয়ৰী আৰু আৰক্ষী বিষয়া এন ৰবাৰ্ট (৩০)ক আৰআইএমএছত ভৰ্তি কৰোৱা হৈছে . আনহাতে আন দুজনে ৰাজ মেডিচিটিত চিকিৎসাৰ পিচত আৰোগ্য লাভ কৰিছে ।

যেতিয়া গুলীবৰ্ষণ আৰু বোমা বিস্ফোৰণ আৰম্ভ হৈছিল তেতিয়া ভুক্তভোগীসকল তেওঁলোকৰ ঘৰত আছিল । পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে ৰাজ্যিক আৰু কেন্দ্ৰীয় গোট দুয়োটাকে ধৰি নিৰাপত্তা বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে বুলি আৰক্ষীয়ে লগতে কয় ।

লগতে পঢ়ক:প্ৰাক্তন বিধায়কৰ গৃহত বোমা বিস্ফোৰণ; পত্নীৰ প্ৰাণহানি

মণিপুৰত দুই কুকি সংগঠনৰ গুলীচালনাত ইউনাইটেড কুকি লিবাৰেশ্যনৰ চাৰি সদস্য নিহত

ABOUT THE AUTHOR

...view details