নেশ্যনেল ডেস্ক, 25 মাৰ্চ :দেওবাৰে বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ মাংগুৰাহা বন পৰিসৰৰ অন্তৰ্গত থোৰী কমপ্লেক্সৰ বলবাল-1 ত টহল দিয়াৰ সময়ত বনকৰ্মীয়ে এটা বাঘ মৃত অৱস্থাত উদ্ধাৰ কৰে । লগে লগে বনকৰ্মীসকলে জ্যেষ্ঠ বিষয়াসকলক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তথ্য লাভ কৰাৰ পিচতে বন সংৰক্ষকৰ ডিএফঅ' - নেছামণি, প্ৰদ্যুমন গৌৰৱ আৰু পশু চিকিৎসা বিষয়া ঘটনাস্থলীত উপস্থিত হয় মৃত বাঘটো উদ্ধাৰ কৰে ৷
ভিটিআৰৰ পৰা বাঘৰ মৃতদেহ উদ্ধাৰ :
বন বিষয়াসকলে কৰা অনুসন্ধানত সন্দেহ কৰা হৈছিল যে, দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বাঘটোৰ মৃত্যু হয় ৷ বন সংৰক্ষক তথা সঞ্চালক নেছামণি কেয়ে জানিবলৈ দিয়া অনুসৰি, ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ (এছ.ও.পি.) অধীনত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ৷ ইফালে বন কৰ্মীসকলক আনটো বাঘৰ অৱস্থানৰ নীৰিক্ষণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ যাতে কোনো কাৰণতে সেই বাঘটোৱে আৱাসিক এলেকালৈ যাবলৈ নোৱাৰে ৷