নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল :লেফটেনেণ্ট কমাণ্ডাৰ ভাস্কৰ ৰাজবংশীক দেওবাৰে নৌসেনাই তেওঁৰ দৃষ্টান্তমূলক পেছাদাৰীতা আৰু সাহসিকতাৰ বাবে বাবে বীৰত্ব পদক প্ৰদান কৰে ।
এক চৰকাৰী বিবৃতি অনুসৰি ভয়ংকৰ নিয়ন্ত্ৰণ বিফলতা অৱস্থাৰ পৰা এডভান্সড লাইট হেলিকপ্টাৰ চমুকৈ এএলএইচ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সাহসিকতাৰ নিদৰ্শন দাঙি ধৰাৰ বাবেই তেওঁক নৌসেনাৰ বীৰত্ব পদক প্ৰদান কৰা হয় ।
নৌসেনাৰ এগৰাকী মুখপাত্ৰই কয় যে সকলো সেৱাত সমগ্ৰ এএলএইচ ফ্লীটত সামূহিক নিয়ন্ত্ৰণ বিফলতাৰ জৰুৰীকালীন অৱস্থাৰ পৰা সুৰক্ষিত পুনৰুদ্ধাৰৰ এয়া প্ৰথম উদাহৰণ আছিল ।
বিবৃতিত কোৱা হয় যে পাইলটগৰাকীয়ে তেওঁৰ সীমিত উৰণ অভিজ্ঞতাৰ সৈতে এক অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত হেলিকপ্টাৰ আৰু বিমানকৰ্মীৰ সুৰক্ষিত পুনৰুদ্ধাৰ নিশ্চিত কৰে ৷ যাৰ ফলত ১০০ কোটি টকাৰ অধিক সম্পত্তি ৰাহি হয় । বিমানখন পুনৰুদ্ধাৰ হোৱাৰ ফলত সেৱাসমূহে সমগ্ৰ এএলএইচ ফ্লীটৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত হোৱা বিফলতাৰ সঠিক অনুসন্ধান কৰিবলৈ সক্ষম হৈছে ।
২০২৩ চনৰ ৮ মাৰ্চত এএলএইচ এমকে ৩ (এমআৰ) হেলিকপ্টাৰখন তিনিজন কৰ্মচাৰীৰ সৈতে বিমান বাহক আইএনএছ বিক্ৰান্তৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল । সাগৰ পৃষ্ঠৰ পৰা ৫০০ ফুট উচ্চতাত উৰা মাৰি পাইলটজনে হঠাতে নিয়ন্ত্ৰণ বিফলতাৰ সন্মুখীন হৈছিল ।