নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ:আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ তোলপাৰ লগাই থকাৰ সময়তে পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ নাৰ্ছক অপকৰ্ম কৰাৰ চেষ্টা কৰি বিপদত পৰিল চিকিৎসক । এইবাৰ ঘটনাৰ স্থান বিহাৰৰ সমষ্টিপুৰ জিলা । সমস্তিপুৰ জিলাত এগৰাকী নাৰ্ছক তেওঁৰ দুজন সহকৰ্মীৰ সৈতে এগৰাকী চিকিৎসকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় বুলি আৰক্ষীয়ে দেওবাৰে সদৰী কৰিছিল ।
অভিযুক্ত চিকিৎসকজন সুৰাৰ ৰাগীত মাতাল হৈ নিৰ্যাতন চলাবলৈ লওতেই ক্লিনিকত থকা ব্লেডেৰে চিকিৎসকজনৰ গোপন অংগ কাটি কোনোমতে জীৱন বচাই পলায়ন কৰে বুলি উল্লেখ কৰে ভুক্তভোগী নাৰ্ছগৰাকীয়ে ।
নাৰ্ছে চিকিৎসকৰ গুপ্তাংগ কাটিছিল:
সমষ্টিপুৰৰ মুছিঘাৰাৰী আৰক্ষী থানা এলেকাৰ ফিজিঅ'থেৰাপী নাৰ্চিং হোমৰ চিকিৎসকৰ ক্লিনিকত সংঘটিত হৈছে এই ঘটনা । ডি এছ পি সঞ্জয় কুমাৰ পাণ্ডেই ঘটনাটোৰ অভিযোগ উত্থাপন হোৱা বুলি সদৰী কৰে । তেওঁ কয় যে সুৰাপান কৰা চিকিৎসক আৰু তেওঁৰ দুজন সহকৰ্মীয়ে নাৰ্ছৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলাইছিল । কিন্তু নাৰ্ছগৰাকীয়ে চিকিৎসকজনৰ নিৰ্যাতনৰ পৰা বাচিবলৈ ক্লিনিকত থকা ব্লেডেৰে চিকিৎসকজনৰ গুপ্তাংগ কাটি ক্লিনিকখনৰ পৰা পলায়ন কৰি ১১২ লৈ ফোন কৰিছিল ।
এই সন্দৰ্ভত সমষ্টিপুৰৰ ডি এছ পি সঞ্জয় কুমাৰে কয়,"ডায়েল ১১২ ৰ দলটোৱে নাৰ্ছগৰাকীক মুছিঘাৰাৰী আৰক্ষী চকীলৈ লৈ আহিছিল । ইয়াৰ পিছতে মুছিঘাৰাৰী আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ক্লিনিকত উপস্থিত হৈ অভিযুক্ত চিকিৎসকসহ আন দুই সহযোগীক আটক কৰে । বৰ্তমান চিকিৎসকজন আৰক্ষীৰ জিম্মাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।"