অসম

assam

কাৰাবন্দী সাংসদ অমৃতপাল সিঙৰ আত্মীয়ৰ বাসগৃহত NIA ৰ অভিযান - NIA raids

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 2:09 PM IST

NIA raids in Punjab: পাঞ্জাবৰ খাদুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙৰ খুড়াক তথা একাংশ আত্মীয়ৰ ঘৰত পুৱাৰে পৰা NIA ই অভিযান চলাই আছে । অমৃতসৰ আৰু মোগা অঞ্চলত NIA ই এই অভিযান চলায় । অভিযানৰ নামত লোকসকলক NIA ই হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে অমৃতপালৰ সমৰ্থক তথা দলীয় কৰ্মীয়ে ।

NIA raid
সাংসদ অমৃতপাল সিঙৰ খুড়াকৰ বাসগৃহত NIAৰ অভিযান (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ :পঞ্জাবত পুনৰ NIA ই অভিযান চলাইছে । শুকুৰবাৰে পুৱাই অমৃতসৰ আৰু মোগা অঞ্চলত NIA ই বৃহৎ অভিযান চলায় । খবৰ অনুসৰি পুৱা ৫ বজাৰ পৰাই NIA ৰ এটা দলে অভিযান আৰম্ভ কৰে । NIA ই খাদুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙৰ খুড়াক ভৰদ সিং আৰু তেওঁৰ কেইবাগৰাকী আত্মীয়ৰ ঘৰত তালাচী অব্যাহত ৰাখিছে ।

পঞ্জাবত NIA ৰ অভিযান

সাংসদ অমৃতপাল সিঙৰ খুলশালিয়েকৰ সত্যলাৰ বুটালা গাঁৱত থকা বাসগৃহতো NIA ই অভিযান চলাইছে বুলি জানিব পৰা গৈছে । সূত্ৰৰ মতে NIA ৰ দলটো মেহতা গাঁৱত থকা অমৃতপাল সিঙৰ খুলশালিয়েকৰ আত্মীয়ৰ ঘৰতো উপস্থিত হৈছে । বাবা বাকলাত থকা সাংসদ অমৃতপাল সিঙৰ প্ৰায় সংখ্যক আত্মীয়ৰ ঘৰতে NIA ৰ দলটোৱে অভিযান চলাইছে বুলি জানিব পৰা গৈছে ।

সাংসদ অমৃতপালৰ খুড়াকৰ ঘৰত অভিযান

NIA ৰ দলটোৱে এগৰাকী আচবাব ব্যৱসায়ীৰ ঘৰতো অভিযান চলায় । ৰায়া ফেৰুমানত সাংসদ অমৃতপাল সিঙৰ সমৰ্থক তথা নিকট আত্মীয় প্ৰট সিং জল্লুপুৰ খাইৰাৰ বাসগৃহ সান্ধু ফাৰ্নিচাৰ হাউচতো NIA ই অভিযান চলায় । তথ্য অনুসৰি, NIA ৰ দলটোৱে অমৃতপাল সিঙৰ খুড়াকৰ ঘৰত অভিযান চলাই সুখচেইন সিঙক লগত লৈ যায় । লগতে, দলটোৱে ঘৰত পৰিত্যক্ত এটা ডিভিআৰও জব্দ কৰে ।

মোগাৰ কবিশাৰ মাখন সিং মুছাফাৰৰ ঘৰত অভিযান

পুৱাৰে পৰা NIA ৰ দলে পঞ্জাবৰ বিভিন্ন স্থানত অভিযান চলাই আছে । প্ৰাপ্ত খবৰ অনুসৰি, NIA ৰ দলে পুৱা প্ৰায় ৬ মান বজাত মোগাৰ বাঘাপুৰানা বিধানসভা সমষ্টিৰ স্মলচাৰ চহৰত কবিশাৰ মাখন সিং মুছাফাৰৰ ঘৰত তালাচী চলায় । অৱশ্যে NIA ই অভিযান সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । কিহৰ বাবে এই অভিযান চলোৱা হৈছে, বিষয়টো সম্পূৰ্ণ গোপনে ৰাখিছে তদন্তকাৰী সংস্থাটোৱে ।

"তদন্তৰ নামত হাৰাশাস্তি"

NIA ৰ অভিযানক লৈ পঞ্জাবত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অমৃতপাল সিঙৰ সমৰ্থক তথা দলৰ কৰ্মী চৰণদীপ সিং ভিন্দৰে এই অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আমি পুৱা ৫ বজাত NIA ই আচবাবৰ ব্যৱসায়ী ভাতৃ প্ৰট সিং সন্ধুৰ বাসগৃহত তালাচী চলাই বুলি গম পাইছিলো । তেওঁ ভাতৃ অমৃতপাল সিঙৰ খুড়াক । আমাৰ দলৰ কৰ্মীসকলক অভিযানকাৰী দলটোৱে হাৰাশাস্তি কৰে ।"

তেওঁ লগতে অভিযোগ কৰে যে প্ৰথমে অমৃতপাল সিঙৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰা হয় আৰু এতিয়া তেওঁৰ সহকৰ্মীসকলক NIA ই হাৰাশাস্তি কৰি আছে । ভিন্দৰে কয় যে সাংসদ অমৃতপাল সিঙৰ মুক্তিৰ বাবে ১৯ আগষ্টত শিখ সংগঠনসমূহে অনুষ্ঠিত কৰা সন্মিলনক লৈ ভাৰত চৰকাৰ শংকিত হৈছে । যাৰ বাবে এনে ধৰণৰ পদক্ষেপ লৈছে । তেওঁ লগতে কয়, "পঞ্জাবত আন বহুতো অপৰাধ সংঘটিত হৈ আছে, ড্ৰাগছৰ সৰবৰাহ হৈ আছে । কিন্তু সেইবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । তাৰ পৰিৱৰ্তে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে ।"

লগতে পঢ়ক :জামিন পালে কেজৰিৱালে: মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী - Delhi CM Arvind Kejriwal

ABOUT THE AUTHOR

...view details