নিউজ ডেস্ক, ১৫ জুন: ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত শনিবাৰে সংঘটিত হোৱা এক এনকাউণ্টাৰত ৮জন নক্সালবাদী নিহত হোৱাৰ লগতে এজন জোৱান শ্বহীদ হয় ৷ এই সংঘৰ্ষত আন দুজন এছ টি এফৰ জোৱান আহত হয় ।
নাৰায়ণপুৰত দুদিন ধৰি অব্যাহত আছে সংঘৰ্ষ: ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদ অঞ্চলত বিগত দুদিন ধৰি আৰক্ষী আৰু নক্সালবাদীৰ মাজত অবিৰতভাৱে সংঘৰ্ষ অব্যাহত আছে ৷ ১৪ জুনৰ পুৱাৰে পৰা আৰম্ভ হৈছিল এই এনকাউণ্টাৰ । নক্সালবাদীৰ ধাৰাবাহিক গুলীচালনাৰ প্ৰত্যুত্তৰত বস্তৰ, নাৰায়ণপুৰ, কোণ্ডাগাঁও, দন্তেৱাড়াৰ নিৰাপত্তা বাহিনীৰ লোকে গুলীচালনা অব্যাহত ৰাখিছে । এই এনকাউণ্টাৰত কেইবাজনো শীৰ্ষ নক্সালবাদী নেতা নিহত হোৱাৰ দাবী কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী; শ্বহীদ চি আৰ পি এফ জোৱান - 2 militants killed in JK
চাৰিখন জিলাৰ জোৱান আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ: বস্তৰৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে সদৰী কৰা মৰ্মে, নাৰায়ণপুৰ জিলাৰ আবুঝামদৰ কুটুল, ফৰছাবেদা আৰু কোদামেটা অঞ্চলত যৌথ নক্সাল বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল ৷ এই যৌথ অভিযানত নাৰায়ণপুৰ, কোণ্ডাগাঁও, দান্তেৱাড়া আৰু কাংকেৰৰ ডি আৰ জি, এছ টি এফ আৰু আই টি বি পি ৫৩ নং কৰ্পছৰ বাহিনীক অন্তৰ্ভুক্ত কৰা হৈছিল । ১৪ জুনৰ পৰা অঞ্চলটোত চলি আছে এনকাউণ্টাৰ । নিৰাপত্তা বাহিনীয়ে অভ্যন্তৰীণ অঞ্চল আৰু সংঘৰ্ষজৰ্জৰ অঞ্চলত তালাচী চলাই আছে।
"পুৱা আবুঝমাদৰ বনাঞ্চলত এই সংঘৰ্ষ সংঘটিত হয় । নাৰায়ণপুৰ, কাংকেৰ, দান্তেৱাড়া আৰু কোণ্ডাগাঁৱৰ পৰা অহা বাহিনী দলটোৱে যৌথ অভিযান চলায় । স্থানীয় আৰক্ষীৰ দলৰ লগতে ডি আৰ জি, এছ টি এফ, আই টি বি পি, বি এছ এফ আৰু এছ টি এফ জড়িত আছিল । নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি থকা সময়তে নক্সালবাদীয়ে গুলীচালনা কৰে ৷ সংঘৰ্ষৰ পাচত অঞ্চলটোৰ পৰা আঠজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ লগতে এটা ইনছাছ ৰাইফল, এটা .৩০৩ ৰাইফল, এটা বেৰেল গ্ৰেনেড লঞ্চাৰ (বিজিএল) আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হৈছে । এই অভিযানত এছ টি এফৰ এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন দুজন জোৱান আহত হয় । আহত জোৱান দুজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।" ছত্তীশগড় আৰক্ষী
লগতে পঢ়ক:নক্সাল বিৰোধী অভিযানত নিহত 7 নক্সালবাদী - Operation against Naxal
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ : নাৰায়ণপুৰ সংঘৰ্ষত এজন জোৱান শ্বহীদ হোৱাত মুখ্যমন্ত্রী বিষ্ণু দেও সাইয়ে শোক প্ৰকাশ কৰিছে । তেওঁ X ত পোষ্ট কৰি কয়, "অৰ্ছা আৰক্ষী থানাৰ অন্তৰ্গত ফৰছাবেদা-ধুৰবেডাৰ মাজত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা এনকাউণ্টাৰত ৮ জন নক্সালবাদী নিহত হোৱাৰ খবৰ আহিছে । এই এনকাউণ্টাৰত এজন এছ টি এফৰ জোৱান শ্বহীদ হোৱাৰ লগতে ২ জন জোৱান আহত হোৱাৰ দুখজনক খবৰো লাভ কৰিছে । আহত জোৱানকেইজনক তৎক্ষণাত ৰাজধানী ৰায়পুৰলৈ বিমানেৰে লৈ যোৱা হৈছে ।
দন্তৱাড়া আৰু নাৰায়ণপুৰ সীমান্তত এনকাউণ্টাৰত ৭ জন নক্সালবাদীৰ মৃত্যু:ইয়াৰ পূৰ্বে ৭ জুনত দন্তৱাড়া আৰু নাৰায়ণপুৰ সীমান্তত তালাচীৰ সময়ত জোৱান আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হৈছিল । এই সংঘৰ্ষত ৭ জন নক্সালবাদী নিহত হয় ৷ তালাচীৰ সময়ত জোৱানসকলে নিহত নক্সালকেইজনৰ পৰা বৃহৎ পৰিমাণৰ গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।
লগতে পঢ়ক:পুলৱামাত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ - Pulwama encounter