আমি এগৰাকী ন-উদ্ভাসিত মোদীক প্ৰত্যক্ষ কৰিম ; জ্যেষ্ঠ সাংবাদিক এন ৰাম - Journalist N Ram on Modi Govt - JOURNALIST N RAM ON MODI GOVT
Senior Journalist N Ram on Modi Govt : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগন্তুক চৰকাৰখন পূৰ্বতকৈ কিমান পৃথক হ'ব পাৰে ? এই নতুন চৰকাৰ ব্যৱস্থাত এন ডি এ মিত্ৰজোঁটৰ অংশীদাৰসকল ক'ত থিয় হৈ আছে ? বিজেপিয়ে কি কি আপোচ কৰিব লাগিব ? এই সকলো বিষয় সন্দৰ্ভত নিজৰ স্পষ্ট মত প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক এন ৰামে । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আগন্তুক মোদী চৰকাৰ সন্দৰ্ভত আৰু কি কি ক'লে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।
জ্যেষ্ঠ সাংবাদিক এন ৰামৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)
বিশেষ প্ৰতিবেদন, ১২ জুন : এই মুহূৰ্তত দেশৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মোদী 3.0 চৰকাৰৰ ওপৰত । লগতে এইটো চাবলৈও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে মোদীয়ে পুৰণি শৈলীতে চৰকাৰ চলাব নে নতুন পদ্ধতি অৱলম্বন কৰিব । এই কথাবোৰ এতিয়া এই কাৰণেই উত্থাপন হৈছে যে বৰ্তমান প্ৰকৃতাৰ্থত মিত্ৰজোঁটৰ চৰকাৰ ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনে বিজেপিৰ বাবে এক আশ্চৰ্যকৰ ফলাফল প্ৰদান কৰে । কিয়নো এই নিৰ্বাচনত বিজেপিৰ ৩২ খন কম হোৱাৰ বাবে সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হয় । লগতে ২০১৯ চনত লাভ কৰা আসন সংখ্যাৰ পৰা ৬৩ খন আসন হেৰুৱাবলগা হোৱাত এইবাৰ মাত্ৰ ২৪০ খনহে লাভ কৰিবলৈ সক্ষম হয় । যাৰ ফলত 'অজেয়' মোদী ঢৌ বহু পৰিমাণে ম্লান পৰে । তথাপিও মিত্ৰজোঁটৰ অংশীদাৰ দলৰ সহায়ত মোদী তৃতীয়বাৰৰ বাবে ৰাজপাটত বহে ।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগন্তুক চৰকাৰখন পূৰ্বতকৈ কিমান পৃথক হ'ব পাৰে এই বিষযে জানিবলৈ ইটিভি ভাৰতে কথা পাতিছিল জ্যেষ্ঠ সাংবাদিক এন ৰামৰ সৈতে । উক্ত সাক্ষাৎকাৰত এন ৰামে স্পষ্টকৈ কেইবাটাও কথা ব্যক্ত কৰে । তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰটোৰ কিয়দংশ ইয়াত আগবঢ়োৱা হৈছে ।
ইটিভি ভাৰত : মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়টো কাৰ্যকাল লাভ কৰিছে । তেনে ক্ষেত্ৰত আমি এতিয়া কেনে পৰিৱৰ্তনৰ সাক্ষী হ'ব পাৰোঁ ? আপুনি ভাবেনে যে শাসন ব্যৱস্থা পূৰ্বৰ সময়ৰ দৰে একে হ'ব ?
এন ৰাম :নহয় । এই কাৰ্যকালটো বিগত ১০ বছৰতকৈ বহু বেলেগ হ'ব । দৰাচলতে, এই ফলাফলটো হৈছে গেম চেঞ্জাৰ । মোদীয়ে তেওঁৰ প্ৰথম কাৰ্যকালত এক উন্নয়নমুখী কাৰ্যসূচী লৈ আহিছিল । তেওঁলোকে 32% ভোট লাভ কৰিছিল আৰু দেশৰ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈ পৰিছিল । তাৰ পিচত 2019 চনত দলটোৰ ভোট শতাংশ 37% লৈ উন্নীত হৈছিল আৰু 303 খন আসন লাভ কৰিছিল । আৰু মই ভাবোঁ তাতেই সমগ্ৰ কাৰ্যসূচী সলনি হৈছিল ।
চি এ এ (নাগৰিকত্ব সংশোধনী আইন) প্ৰথম কাৰ্যকালৰ শেষৰ ফালে প্ৰৱৰ্তন কৰা হৈছিল, কিন্তু দ্বিতীয় কাৰ্যকালৰ পিচত কাৰ্যকৰী হৈছিল । অৰ্থাৎ দ্বিতীয়টো কাৰ্যকালত অধিক আক্ৰমণাত্মক হৈ পৰিছিল । সাম্প্ৰদায়িক মঞ্চ অধিক শক্তিশালী আৰু আক্ৰমণাত্মক হৈ পৰিছিল । তাৰ পিচত এন আৰ চিৰ (ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) অনুশীলন আৰম্ভ হৈছিল । এইটোৱেও যথেষ্ট চিন্তাৰ সৃষ্টি কৰিছিল । আৰু তাৰ পিছত কাশ্মীৰ আৰু অনুচ্ছেদ ৩৭০ আৰু ইণ্ডিয়া ব্লকৰ দ্বাৰা শাসিত ৰাজ্য আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভাৰ্চুৱেল যুদ্ধ ।
ইটিভি ভাৰত : মিত্ৰজোঁটৰ চৰকাৰ বিজেপি চৰকাৰৰ বাবে নতুন কথা নহয় । ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আছিল । আপুনি কিয় ভাবে যে এইটো মোদীৰ বাবে কঠিন কাম হ'ব ?
এন ৰাম : গুজৰাট বা কেন্দ্ৰত মিত্ৰজোঁট ব্যৱস্থাৰ সৈতে মোকাবিলা কৰাৰ কোনো প্ৰকৃত অভিজ্ঞতা মোদীৰ নাই । কিয়নো তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতেও সদায় বৃহৎ জয় লাভ কৰি আহিছে ।
সংঘ পৰিয়ালৰ উত্থানৰ সময়ত বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল আৰু তেওঁ এগৰাকী অতি পৰিপক্ব ৰাজনীতিবিদ আছিল... যদি আপুনি তেতিয়াৰ বিজেপিৰ ইস্তাহাৰবোৰ লক্ষ্য কৰে, ৰাম মন্দিৰৰ বিষয়টো সদায় তাত নাছিল । একমাত্ৰ আডৱানীয়েই এগৰাকী ব্যক্তি আছিল, যিয়ে ইয়াক কেন্দ্ৰীয় মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছিল । কিন্তু তাৰো বিৰোধিতা হৈছিল, মুখ্যত মিত্ৰজোঁটৰ অংশীদাৰসকলে সেইটো বিচৰা নাছিল । বাজপেয়ী প্ৰতিশ্ৰুতিবদ্ধ আছিল, কিন্তু ইমান পৰ্যায়লৈকে নহয়, যিটো পৰ্যায়লৈকে আনসকল আছিল । কিন্তু যদি আপুনি ব্যক্তিগত ধৰ্মৰ সৈতে একক বৃহত্তম দল হয় আৰু মুখ্যত এক ব্যক্তিৰ দল হয়, তেনেহ'লে আনৰ সৈতে সমান ব্যৱহাৰ কৰাটো অতি কঠিন হয় ।