অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / bharat

ধৰ্মীয় সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন; হিন্দু ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ পুষ্পবৃষ্টি মুছলমান সমাজৰ - Hindu Muslim unity

Ram Barat: ফিৰোজাবাদত দেওবাৰে নিশা ভগৱান শ্ৰী ৰামৰ শোভাযাত্ৰা উলিওৱা হয় । শ শ লোকে ইয়াত অংশগ্ৰহণ কৰে । মুছলমান সমাজৰ বহু লোকেও ইয়াত অংশগ্ৰহণ কৰি একতাৰ নিদৰ্শন দাঙি ধৰে ।

Ram Barat
উত্তৰ প্ৰদেশৰ ৰাম যাত্ৰাত একতাৰ নিদৰ্শন (ETV Bharat)

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :ধৰ্মৰ নামত দেশত বিভিন্ন ধৰণৰ হিংসা হোৱাৰ ইতিহাস আছে । উত্তৰ প্ৰদেশতে সাম্প্ৰদায়িক সংঘৰ্ষৰ বহু উদাহৰণ আছে । কিন্তু এইবাৰ ৰাজ্যখনত এক ব্যতিক্ৰমী দৃশ্য দেখা গ'ল । ফিৰোজাবাদত আয়োজিত ভগৱান ৰামৰ এক বিশাল শোভাযাত্ৰাৰ সময়ত হিন্দু-মুছলমানৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন দেখা গ'ল । ধৰ্মীয় দেৱাল ভাঙি ওলাই আহিল হিন্দু-মুছলমান সকলো । মুছলমান লোকসকলেও অংশ ল'লে হিন্দু ধৰ্মৰ শোভাযাত্ৰাত । শিবিৰ স্থাপন কৰি মুছলমান লোকসকলে ফুলেৰে শোভাযাত্ৰাক আদৰণি জনায় । শোভাযাত্ৰাত ভগৱানৰ চৰিত্ৰত অভিনয় কৰা লোকসকলকো তেওঁলোকে আদৰণি জনায় ।

ৰাম যাত্ৰাত মুছলমান সমাজৰ অংশগ্ৰহণ

কাৰবালা সমিতিৰ সভাপতি হিকমত উল্লাহ খানৰ নেতৃত্বত মুছলমান সমাজৰ লোকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । শ্ৰী সনাতন ধৰ্ম ৰামলীলা মহোৎসৱ সমিতিৰ অধীনত অনুষ্ঠিত ধৰ্মীয় কাৰ্যসূচীৰ ইতিহাস শ শ বছৰ পুৰণি । সম্প্ৰতি সমিতিখন বিতৰ্কত থকাৰ বাবে যোগী চৰকাৰৰ বিষয়াসকলে এই অনুষ্ঠানৰ নেতৃত্ব লৈছে ।

ঐতিহাসিক শোভাযাত্ৰা

ৰাম শোভাযাত্ৰাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এক বিশাল মেলাৰো আয়োজন কৰা হয় । ইয়াক উত্তৰ ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাম যাত্ৰা বুলিও কোৱা হয় । এই মেলাৰ লগত সংগতি ৰাখি দেওবাৰে চুড়ি চহৰত ভগৱান ৰামৰ এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাটো সদৰ বজাৰৰ ৰাধা কৃষ্ণ মন্দিৰৰ পৰা আৰম্ভ হয় । এই যাত্ৰা ৰামলীলা খেলপথাৰত অৱস্থিত জনকপুৰীত সামৰণি পৰে ।

এই ঐতিহাসিক ৰাম শোভাযাত্ৰাত মুছলমান সমাজৰ অংশগ্ৰহণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কেৱল অংশগ্ৰহণ কৰাই নহয় ফুল ছটিয়াই যি ধৰণে তেওঁলোকে শোভাযাত্ৰাটোক আদৰণি জনাইছে তাক দেখি সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :উৎসৱৰ বতৰত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই আগবঢ়াইছে ২৬ খন বিশেষ ৰে’লৰ সুবিধা - festival special trains

ABOUT THE AUTHOR

...view details