নেশ্যনেল ডেস্ক, ৩১ মে':যোৱা ৬ মে'ত কোটাৰ পৰা নিৰুদ্দেশ হৈছিল NEET ৰ প্ৰস্তুতি চলাই থকা এজন ছাত্ৰ । গংগাপুৰৰ পৰা কোটালৈ মেডিকেল প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ গৈছিল ছাত্ৰজন । অৱশেষত ছাত্ৰজনক গোৱাৰ মাৰগাঁৱৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে । ছাত্ৰজনক প্ৰায় ২৪ দিনৰ অন্তত উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধানত কেইবাখনো ৰাজ্যলৈ গৈছিল ।
আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে প্ৰথমে পুনেলৈ গৈছিল । তাৰ পিচত তেওঁ জম্মুৰ বৈষ্ণো দেৱী মন্দিৰলৈ গৈছিল আৰু পিচত গোৱাত উপস্থিত হৈছিল । আৰক্ষীয়ে অনুসন্ধান কৰি গম পাইছে যে ছাত্ৰজনৰ NEET UG ৰ পৰীক্ষা ভাল হোৱা নাছিল ।
চিআই সতীশ চন্দ্ৰ চৌধুৰীয়ে কোৱা মতে, NEET UG ৰ বাবে প্ৰস্তুতি কৰিবলৈ গংগাপুৰ জিলাৰ বামানৱাসৰ পৰা কোটালৈ অহা ১৯ বছৰীয়া ৰাজেন্দ্ৰ মীনা নামৰ ছাত্ৰজনৰ পিতৃয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । তেওঁ কৈছিল যে ৰাজেন্দ্ৰই তেওঁক ম’বাইলত এটা মেছেজ দিছিল, য'ত তেওঁ ঘৰ এৰি গৈছে আৰু আগলৈ অধ্যয়ন নকৰে বুলি উল্লেখ কৰিছিল । ৫ বছৰৰ পিচতহে তেওঁ ঘৰলৈ উভতিব বুলি পিতৃলৈ দিয়া মেছেজটোত লিখিছিল ।
আনহাতে, তেওঁৰ ওচৰত সকলোৰে ফোন নম্বৰ আছে আৰু প্ৰয়োজন হ'লে তেওঁ ফোন কৰিব । পিতৃক তেওঁ বছৰত এবাৰ ফোন কৰিব বুলিও উল্লেখ কৰিছিল । ইয়াৰ পিচতে গোটেই পৰিয়ালটো চিন্তিত হৈ পৰিছিল । পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপি পুত্ৰৰ সন্ধানৰ বাবে সহায় বিচাৰিছিল । অৱশেষত আৰক্ষীয়ে গোৱাৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনে ছিম কাৰ্ডখন নষ্ট কৰি ফোনটো বিক্ৰী কৰি দিছিল । ম’বাইল ফোন বিক্ৰী কৰি পোৱা টকাৰে ছাত্ৰজনে ঘূৰি ফুৰিছিল । পিতৃয়ে চি চি টি ভি ফুটেজৰ পৰা তেওঁক চিনাক্ত কৰিছিল । তাৰপিচত আৰক্ষীয়ে কেইবাঘণ্টা ধৰি চি চি টি ভি ফুটেজবোৰ পৰীক্ষা কৰিছিল । অৱশেষত তেওঁক গোৱাৰ এটা ৰে'ল ষ্টেচনত দেখা গৈছিল । ছাত্ৰজনে নিশা ৰে'ল ষ্টেচনত শুই আছিল । তাৰ পিচত দিনটো ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছিল ।