নতুন দিল্লী :কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে কয় যে ৰাজ্য চৰকাৰসমূহে, বিশেষকৈ নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত ভাৰত-ম্যানমাৰ সীমান্তৰ লোকসকলৰ জনগাঁথনিৰ তথ্য লিপিবদ্ধ কৰিব লাগে যাতে সীমান্তত বেৰ দিয়াত সহায় হয় আৰু অনুপ্ৰৱেশ বন্ধ কৰাত তত্ত্বাৱধান কৰিব পৰা যায় । মন্ত্ৰণালয়ে ২০২৪ বৰ্ষৰ অন্তত বছৰটোৰ পৰ্যালোচনা বিবৃতি প্ৰকাশ কৰি এই কথা উল্লেখ কৰাটোৱে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে । কিয়নো কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ আৰম্ভণিতে ভাৰত-ম্যানমাৰ সীমান্তত মুক্ত চলাচল ব্যৱস্থা (এফ এম আৰ) বাতিল কৰে ।
মন্ত্ৰণালয়ৰ পৰ্যালোচনা প্ৰতিবেদনত কোৱা হৈছে, "দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনগাঁথনি বজাই ৰখাৰ বাবে গৃহ মন্ত্ৰণালয়ে ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত চলাচল ব্যৱস্থা (এফ এম আৰ) বাতিল কৰাৰ সিদ্ধান্ত লৈছে ।" গৃহ মন্ত্ৰণালয়ে ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰো সিদ্ধান্ত লয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসমুক্ত দেশ গঢ়ি তোলাৰ লক্ষ্যৰ কথা দোহাৰে আৰু কয় যে গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰে এই লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছে ।
"এই দৃষ্টিভংগীৰ অধীনত গৃহ মন্ত্ৰণালয়ে হিজব-উট-তাহৰিৰক ইউ এ পি এৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে । গ'ল্ডি ব্ৰাৰ আৰু কাছিম গুজ্জৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছে । নটা সংগঠনক বেআইনী সংগঠন হিচাপে ঘোষণা কৰা হৈছে ।" গৃহ মন্ত্ৰণালয়ে কয় ।
লগতে কয় যে এই লক্ষ্যৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপত ইলেক্ট্ৰ'নিক্স কৰ্প'ৰেচন অব ইণ্ডিয়া লিমিটেড, পাৰমাণৱিক শক্তি বিভাগ আৰু ডি আৰ ডি অ'ৰ দ্বাৰা স্বদেশীভাৱে নিৰ্মাণ কৰা দুটা পৃথক শ্ৰেণীৰ বিস্ফোৰক ডিটেক্টৰ ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাই নিৰাপত্তা বাহিনীৰ বাবে আই বিৰ সঞ্চালকক হস্তান্তৰ কৰে ।
মন্ত্ৰণালয়ে কয়, "স্বদেশীভাৱে বিকশিত ডিটেক্টৰবোৰ আই বিয়ে কাৰ্যক্ষেত্ৰত মোতায়েনৰ বাবে ১২ টা চিনাক্ত নিৰাপত্তা সংস্থাক হস্তান্তৰ কৰিব ।" প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নতুন দিল্লীত দেশত নিৰাপত্তা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে দায়বদ্ধ আই বিৰ মাল্টি-এজেন্সী চেণ্টাৰ (এম এ চি)ৰ কাৰ্যকলাপ পৰ্যালোচনা কৰিবলৈ নিৰাপত্তা আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ বিভিন্ন মুৰব্বীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে ।" লগতে কোৱা হৈছে, "এম এ চি ফ্ৰেমৱৰ্ক ইয়াৰ প্ৰসাৰ আৰু কাৰ্যকৰিতা বৃদ্ধি কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ কাৰিকৰী আৰু কাৰ্যকৰী পুনৰ্গঠনৰ বাবে সাজু হৈছে ।"