নেশ্যনেল ডেস্ক,৭ মাৰ্চ :ভাৰতীয় নৌসেনাৰ অংশ হ'ল বিশ্বজুৰি চৰ্চিত এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ । নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে বুধবাৰে আইএনএছ গৰুড়ত আয়োজিত এক বিশাল অনুষ্ঠানত দেশৰ প্ৰথম এমএইচ৬০আৰ স্কোয়াড্ৰনক কমিছন কৰে ।
বৈদেশিক সামৰিক বিক্ৰী কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় কৰা ২৪ খন হেলিকপ্টাৰৰ ভিতৰত ৬ খন প্ৰথম পৰ্যায়ত দক্ষিণ নৌসেনাৰ অংশ হ'ব । ২০২০ চনৰ ফেব্ৰুৱাৰীত ভাৰতে আমেৰিকাৰ সৈতে শক্তিশালী এমএইছ৬০আৰ ছীহ'ক হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল । লুকাই থকা শত্ৰুৰ চাবমেৰিন অতি কম সময়ৰ ভিতৰতে চিনাক্ত কৰি ধ্বংস কৰিব পৰা শক্তি আছে এই হেলিকপ্টাৰৰ ।
একে সময়তে, এই হেলিকপ্টাৰে শত্ৰুৰ ঘাটিত আক্ৰমণ কৰিব পাৰে আৰু কোনো ক্ষতি নোহোৱাকৈ উভতিও আহিব পাৰে । এম এইচ ৬০ আৰ ছীহ'ক হেলিকপ্টাৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল যে সাগৰৰ পৃষ্ঠত শত্ৰু দেশৰ জাহাজৰ লগতে সাগৰৰ গভীৰতাত লুকাই থকা চাবমেৰিনবোৰ চিনাক্ত কৰি আক্ৰমণ কৰিব পাৰে ।