নেশ্যনেল ডেস্ক, 30 জুলাই :কেৰালাত শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ ৱায়ানাদ জিলাৰ মেপ্পাডিৰ সমীপৰ এক পাহাৰীয়া অঞ্চলত ভয়ংকৰ ভূমিস্খলন হয় ৷ এই ভূমিস্খলনৰ ফলত শিশুসহ কমেও 120 জন লোকৰ মৃত্যু হোৱা বুলি কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে নিশ্চিত কৰা হৈছে ।
অৱশ্যে স্থানীয় সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, উদ্ধাৰকাৰী দলে এতিয়াও সেই স্থানৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিছে ৷ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত আৰু বিচ্ছিন্ন হৈ পৰা অঞ্চলসমূহৰ ভিতৰত মুণ্ডক্কাই, চৌৰলমালা, আট্টামালা আৰু নুলপূজা আদি অন্যতম । উদ্ধাৰ আৰু সাহায্য অভিযান বৰ্তমানেও চলি আছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক সকলো ধৰণৰ সহায় প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে। আনহাতে, কংগ্ৰেছ নেতা তথা ৱায়ানাড লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰিছে । সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, 30 জুলাই মঙলবাৰৰ পুৱা কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিত সংঘটিত হৈছে এই ঘটনাটো ।
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে মঙলবাৰে ঘটনা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ সমীপৰ বিভিন্ন পাহাৰীয়া অঞ্চলত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত সকলো চৰকাৰী সংস্থাই অনুসন্ধান আৰু উদ্ধাৰ অভিযানত যোগদান কৰিছে ৷ শতাধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।" ৱায়ানাড জিলা কৰ্তৃপক্ষই জনোৱা মতে, থোণ্ডাৰনাড গাঁৱত বাস কৰা নেপালী পৰিয়ালৰ এটি এবছৰীয়া শিশুৰ ভূমিস্খলনত মৃত্যু ঘটিছে ।
মুখ্যমন্ত্ৰী বিজয়নে এক বিবৃতিযোগে কয়, "এই অভিযানসমূহ সহযোগিতাৰ জৰিয়তে কৰা হ’ব আৰু ৰাজ্যৰ মন্ত্ৰীসকলে পাহাৰীয়া জিলাখনত উপস্থিত হৈ উদ্ধাৰ কাৰ্যসূচীৰ নেতৃত্ব দিব । ৱায়ানাড জিলাত ভূমিস্খলন আৰু বৰষুণ সম্পৰ্কীয় অন্যান্য দুৰ্যোগৰ পিছত স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে ।