অসম

assam

ETV Bharat / bharat

গন্তব্যস্থান নাপালেগৈ, আদবাটতে যমে ভেটিলে বাট - Road accident - ROAD ACCIDENT

Road accident in Garhwa : ঝাৰখণ্ডৰ গড়ৱাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু যাত্ৰীবাহী অট’ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত পাঁচজন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় ৷ ইয়াৰ সমান্তৰালকে আঠজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ।

Road accident in Garhwa
গন্তব্যস্থান নাপালেগৈ, আদবাটতে যমে ভেটিলে বাট (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 10:00 AM IST

নেশ্যনেল ডেস্ক, 14 জুন :ঝাৰখণ্ডৰ গড়ৱা জিলাত শোকাৱহ পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে নিশা এখন ট্ৰাক আৰু যাত্ৰীবাহী অট’ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত পাঁচজন শ্ৰমিক নিহত হোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ লগতে এই দুৰ্ঘটনাত আঠজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে ।

এই দুৰ্ঘটনাটো নাগাৰুণ্টৰী আৰক্ষী থানা অঞ্চলৰ 75 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে । সম্প্ৰতি আহতকেইজনক চিকিৎসাৰ বাবে গড়ৱাৰ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পথ দুৰ্ঘটনাত পতিত হোৱা সকলো নাগাৰুণ্টাৰী আৰক্ষী থানা অঞ্চলৰ চিৰিয়া তোমাৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

মৃত লোককেইজন ক্ৰমে বিমলেশ কুমাৰ কনোজিয়া (42), অৰুণ ভূঞা (30), বাইকেশ ভূঞা (20), ৰাজা কুমাৰ (21) আৰু ৰাজকুমাৰ ভূঞা (53) বুলি চিনাক্ত কৰা হৈছে ৷ গাঁওবাসীৰ মতে, শ্ৰমিকৰ দলটো কামৰ বাবে ৰাজ্যৰ বাহিৰলৈ গৈছিল । তেওঁলোকে শুকুৰবাৰে পুৱা নাগাৰুণ্টৰী ৰে’ল ষ্টেচনত শক্তিপুঞ্জ এক্সপ্ৰেছত উঠিব লগা আছিল । তাৰ পিচতে 75 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পালহেৰ দলঙৰ ওচৰত সন্মুখৰ পৰা অহা এখন ট্ৰাকে শ্ৰমিক কঢ়িয়াই অনা অট’খনক খুন্দা মাৰে । এই দুৰ্ঘটনাটোত অট’খন কিছু দূৰত ছিটিকি পৰিছিল ৷

এই দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আটাইকেইজন চিকিৎসাৰ বাবে গড়ৱা সদৰ চিকিৎসালয়ত ভৰ্তি কৰে । সদৰ চিকিৎসালয়তে চিকিৎসকে পাঁচজন শ্ৰমিকক মৃত বুলি ঘোষণা কৰে । ঘটনাটোৰ খবৰ পোৱাৰ পিচতে, শ্ৰমিকসকলৰ আত্মীসকল ঘটনাস্থলীত উপস্থিত হৈছে ৷ সম্প্ৰতি সমগ্ৰ গাঁওখনত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক:কুৱেইটৰ অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু: পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰধানমন্ত্ৰীৰ - Kuwait fire tragedy

ABOUT THE AUTHOR

...view details