নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ :শেহতীয়াকৈ মণিপুৰৰ পৰিস্থিতি কিছু উন্নত হৈছিল যদিও উত্তৰ-পূৱৰ ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে । শনিবাৰে পুৱা মণিপুৰৰ জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত ৫ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । তাৰ ভিতৰত ৪ জন সশস্ত্ৰ লোক বুলি আৰক্ষীয়ে জনাইছে ।
আৰক্ষীয়ে জনোৱা মতে উগ্ৰপন্থীয়ে জিলা সদৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত এক নিৰ্জন স্থানত অকলশৰীয়াকৈ বাস কৰা লোক এজনৰ ঘৰত প্ৰৱেশ কৰে আৰু শুই থকা অৱস্থাতে তেওঁক গুলীয়াই হত্যা কৰে ।
এই হত্যাকাণ্ডৰ পিচত জিলা সদৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত পাহাৰত আন এক ঘটনা সংঘটিত হয় । সশস্ত্ৰ লোকসকলৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ হয় । যাৰ ফলত ৩ টা উগ্ৰপন্থীসহ ৪ জন সশস্ত্ৰ লোকৰ মৃত্যু হয় ।
এই ঘটনাবোৰ সংঘৰ্ষগ্ৰস্ত উত্তৰ-পূৱৰ ৰাজ্যখনত হিংসাৰ পুনৰুত্থানৰ অংশ আছিল । যোৱা বছৰ মে' মাহত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত জাতিগত হিংসাৰ পিচত যোৱা কেইসপ্তাহমানত সংঘটিত ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ দ্বাৰা বোমা বিস্ফোৰণে ৰাজ্যখন কঁপাই তুলিছে ।
- পুনৰ হিংসাত্মক ঘটনা
১ ছেপ্টেম্বৰৰ পৰা মণিপুৰত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ড্ৰোণ ব্যৱহাৰ কৰি ৰকেট চালিত গ্ৰেনেড আক্ৰমণত ৩১ বছৰীয়া এগৰাকী লোক নিহত হয় । ইম্ফল পশ্চিমৰ কৌট্ৰুকত হোৱা এই আক্ৰমণত দুগৰাকী আৰক্ষীসহ ৩ গৰাকী সাধাৰণ নাগৰিক আহত হয় । ইফালে ৰকেট চালিত গ্ৰেনেড আক্ৰমণক লৈ আৰক্ষী তথা নিৰাপত্তা বাহিনী শংকিত হৈ পৰিছে । এই ক্ষেত্ৰত তৃতীয় পক্ষৰ অন্তৰ্ভুক্তিৰো অনুমান কৰা হৈছে ।
মণিপুৰ আৰক্ষীয়ে এই আক্ৰমণক ভয়ংকৰ বুলি অভিহিত কৰিছে আৰু কাৰিকৰী দক্ষতা আৰু সমৰ্থনৰ সন্দেহ কৰিছে । আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে পৰিস্থিতি নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে আৰু যিকোনো আকস্মিক পৰিস্থিতিৰ প্ৰতি সঁহাৰি দিবলৈ আৰক্ষী সাজু বুলিও উল্লেখ কৰিছে ।