নতুন দিল্লী :মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল এজন যুৱকক ৷ মৃত যুৱকজনৰ বয়স মাত্ৰ ২১ বছৰ ৷ এই ঘটনাটো সংঘটিত হৈছে দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত ৷ মৃত যুৱকজন শাস্ত্ৰী পাৰ্কৰে এজন ২১ বছৰীয়া বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে, ২১ বছৰীয়া যুৱকজনক আন এজন ব্য়ক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে ৷ মৃত যুৱকজনৰ সৈতে প্ৰহাৰ কৰা ব্যক্তিগৰাকীৰ পত্নীৰ অবৈধ সম্বন্ধ আছিল ৷ সোমবাৰে অপাত্তিজনক অৱস্থাত দুয়োকে দেখা পাইছিল প্ৰহাৰ কৰা ব্যক্তিজনে ৷ ফলত ক্ষুব্ধ হৈ অভিযুক্ত স্বামীয়ে যুৱকজন আৰু তেওঁৰ পত্নীক বেয়াকৈ প্ৰহাৰ কৰে ।
তাৰ পাছত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসা চলি থকাৰ সময়ত যুৱকজনৰ মৃত্যু হয় । ইতিমধ্যে আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা
ডি চি পি ৰাকেশ পাৱৰিয়াই জনোৱা মতে, সোমবাৰে বিয়লি শাস্ত্ৰী পাৰ্ক আৰক্ষী থানাই এই আক্ৰমণ সন্দৰ্ভত তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হয় । তেতিয়ালৈকে আহত যুৱকজনক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰায় ৷