অসম

assam

ETV Bharat / bharat

দুৰ্ঘটনাক্ৰমে নিজকে গুলীয়াইছিল... আপ বিধায়কৰ ৰহস্যজনক মৃত্যুত পৰিয়ালৰ ভাষ্য - AAP MLA GUNSHOT IN PUNJAB

আপৰ বিধায়ক গুৰপ্ৰীত গোগীৰ ৰহস্যজনক পৰিস্থিতিত বন্দুকৰ গুলীৰ আঘাতত মৃত্যু । তেওঁ লুধিয়ানা পশ্চিমৰ বিধায়ক ।

AAP MLA gunshot in Punjab
পঞ্জাবৰ আপ বিধায়কৰ ৰহস্যজনকভাৱে গুলীবিদ্ধ হৈ মৃত্যু (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 6:40 AM IST

Updated : Jan 11, 2025, 9:58 AM IST

লুধিয়ানা :পঞ্জাবত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । লুধিয়ানা পশ্চিম জিলাৰ আম আদমি পাৰ্টীৰ বিধায়ক গুৰপ্ৰীত গোগীৰ যোৱা নিশা তেওঁৰ ঘৰত এক ৰহস্যজনক গুলীচালনাৰ ঘটনাত মৃত্যু হয় । এই ঘটনাক এক সন্দেহজনক হত্যাকাণ্ড হিচাপে লক্ষ্য কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গোগীৰ মূৰত গুলী লাগিছিল । গুলীবিদ্ধ হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

আনহাতে, পৰিয়ালৰ সদস্যৰ উদ্ধৃতি দি পঞ্জাব আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লুধিয়ানা পশ্চিম জিলাৰ আম আদমি পাৰ্টীৰ বিধায়ক গুৰপ্ৰীত গোগীয়ে শুকুৰবাৰে নিশা গুলীৰ আঘাত লগাৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে ।

লুধিয়ানাৰ ডি চি পি জস্কৰণ সিং তেজাই কয়, "গুৰপ্ৰীত গোগীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । তেওঁৰ মৃতদেহ ডি এম চি চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । তাত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব । পৰিয়ালৰ সদস্যসকলৰ মতে, তেওঁ দুৰ্ঘটনাক্ৰমে নিজকে গুলীয়াইছিল । তেওঁ মূৰত গুলীৰ আঘাত পাইছিল । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত মৃত্যুৰ কাৰণ স্পষ্ট হ'ব...।"

"ঘটনাটো শুকুৰবাৰে মাজনিশা সংঘটিত হৈছিল । যেতিয়া তেওঁক ডি এম চি চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁক মৃত ঘোষণা কৰা হয়...।" আৰক্ষী উপ আয়ুক্ত (ডি চি পি) জস্কৰণ সিং তেজাই কয় । তেওঁ লগতে কয়, "ঘটনাৰ তদন্ত চলি আছে ।"

উল্লেখ্য যে, গোগীয়ে ২০২২ চনত আম আদমি পাৰ্টীত যোগদান কৰিছিল । বিগত বিধানসভা নিৰ্বাচনত তেওঁ লুধিয়ানাৰ দুবাৰৰ কংগ্ৰেছ বিধায়ক ভাৰত ভূষণ আশুক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ।

লগতে পঢ়ক :দ্বাদশ শ্ৰেণীৰ ছাত্ৰই দিছিল বোমাৰ ভাবুকি ! - DELHI SCHOOL BOMB THREAT
লগতে পঢ়ক :ভগৱান নহয়, মই মানুহ : কিয় ক'লে প্ৰধানমন্ত্ৰীয়ে - PM NARENDRA MODI PODCAST
Last Updated : Jan 11, 2025, 9:58 AM IST

ABOUT THE AUTHOR

...view details