নেশ্যনেল ডেস্ক, ২২ মাৰ্চ :ইডিয়ে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰে । গোচৰটো সন্দৰ্ভত দুঘণ্টা ধৰি সোধা-পোছাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।
শেহতীয়া তথ্য অনুসৰি, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তাৎক্ষণিক শুনানিৰ দাবী অনুমোদিত হৈছে । এই গোচৰটো ২০২১-২২ বৰ্ষৰ দিল্লী চৰকাৰৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত কথিত দুৰ্নীতি আৰু ধন আত্মসাতৰ সৈতে জড়িত ।
ইডিয়ে দাবী কৰিছে যে আপৰ নেতাসকলে সুৰা নীতিত ১০০ কোটি টকাৰ উৎকোচ লাভ কৰিছিল । ইডিৰ দ্বাৰা দাখিল কৰা অভিযোগনামাত কেজৰিৱালৰ নাম কেইবাবাৰো উল্লেখ কৰা হৈছে । সংস্থাটোৱে অভিযোগ কৰিছে যে অভিযুক্তসকলে সুৰা নীতি প্ৰস্তুত কৰাৰ বাবে কেজৰিৱালৰ সৈতে যোগাযোগ কৰিছিল ।
আপৰ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিং ইতিমধ্যে গোচৰটোত ন্যায়িক জিম্মাত আছে । কেজৰিৱালে যোৱা বছৰৰ ২ নৱেম্বৰৰ পৰা ইডিয়ে জাৰি কৰা ৮ খন চমন উপেক্ষা কৰিছে । সেই চমনক কেজৰিৱালে অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰিছিল ।
দিল্লী চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত ৰাজ্যখনত নতুন সুৰা নীতি ৰূপায়ণ কৰিছিল । ইয়াৰ অধীনত ৰাজধানী দিল্লীত ৩২ টা জ'ন সৃষ্টি কৰা হৈছিল । প্ৰতিটো জ'নত সৰ্বাধিক ২৭ খন দোকান খুলিব লাগিছিল । ইডিয়ে দাবী কৰিছে যে দিল্লীৰ সুৰা নীতিৰ ষড়যন্ত্ৰ অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া আৰু কে কবিতাকে ধৰি ৰাজনৈতিক নেতাসকলে কৰিছিল ।
ব্যৱসায়ী শৰৎ ৰেড্ডী, মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডী আৰু কে কবিতাক লৈ গঠিত এক দক্ষিণৰ গোটে ২০২১-২২ বৰ্ষৰ নতুন সুৰা নীতিৰ অধীনত দিল্লীৰ ৩২ টা জ'নৰ ভিতৰত ৯ টা জ'ন লাভ কৰিছিল । আঁচনিখন পাইকাৰী বিক্ৰেতাসকলৰ বাবে এক ব্যতিক্ৰমী উচ্চ ১২ শতাংশ লাভৰ মাৰ্জিন আৰু ৰিটেইলাৰৰ বাবে প্ৰায় ১৮৫ শতাংশ লাভৰ মাৰ্জিনৰ সৈতে অনা হৈছিল ।