নিউজ ডেস্ক, 13 অক্টোবৰ:এন চি পিৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্ত কৰা আৰক্ষীৰ দলটোৱে জনোৱা মতে, তেওঁলোকে সংগ্ৰহ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি দুটা পিষ্টলৰ পৰা ছিদ্দিকীৰ ওপৰত মুঠ ছটা গুলী নিক্ষেপ কৰা হৈছিল । ইয়াৰে তিনিটা গুলীয়ে বাবা ছিদ্দিকীৰ বুকুত আঘাত কৰাৰ বিপৰীতে এটা গুলীয়ে গাড়ীত তেওঁৰ লগত থকা ব্যক্তিজনৰ ভৰিত আঘাত কৰে ।
বাবা ছিদ্দিকীৰ বাহনখন বুলেট প্ৰুফ হ’লেও গুলী গ্লাছ ভেদি সোমাই যায় । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণকাৰীৰ হাতত নিশ্চয় অত্যাধুনিক পিষ্টল আছিল । বাবা ছিদ্দিকীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হয় । পাচত কাপোৰেৰে মুখ ঢাকি ৰখা আক্রমণকাৰী তিনিজন পলাই গৈ থকা অৱস্থাত একাংশ লোকে দুজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷
সম্প্ৰতি সেই স্থানত উপস্থিত হৈছে আৰক্ষীৰ ফৰেনছিক দল । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰে । ঘটনাস্থলীত উদ্ধাৰ হোৱা পিষ্টলটো ১৩ টা গুলীৰ মেগজিন থকা ৯.৯ এম এম পিষ্টল বুলি জনাইছে আৰক্ষীয়ে । এই পিষ্টলটো অত্যাধুনিক বুলি আৰক্ষীৰ সূত্ৰই লগতে কয় । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাবা ছিদ্দিকীৰ পুত্ৰ জীশানৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় ।
বিজয় দশমী উপলক্ষে বান্দ্ৰাৰ খেটৱাড়ী অঞ্চলৰ মাজেৰে শোভাযাত্ৰা পাৰ হৈ গৈছিল । গতিকে অঞ্চলটো বাদ্যযন্ত্ৰ আৰু ক্ৰেকাৰৰ শব্দৰে কোলাহলপূৰ্ণ হৈ আছিল । পোহৰলৈ আহিছে যে আক্রমণকাৰীয়ে ইয়াৰ সুযোগ লৈ বাবা ছিদ্দিকীক গুলীচালনা কৰে ৷ এই ঘটনাৰ পাচতে বাবা ছিদ্দিকীক লীলাৱতী হাস্পতাললৈ লৈ যোৱা হয় ৷ ইফালে তেওঁৰ সমৰ্থকসকলো লীলাৱতী চিকিৎসালয়ৰ বাহিৰত সমবেত হয় বুলি সূত্ৰই জানিবলৈ দিয়ে ।
সম্প্ৰতি মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । একাংশ আৰক্ষীৰ দলে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । সূত্ৰসমূহে আৰু জনোৱা মতে, পষেক পূৰ্বে বাবা ছিদ্দিকীে মৃত্যুৰ ভাবুকি লাভ কৰিছিল । ইয়াৰ পাচত তেওঁক আৰক্ষীয়ে Yকেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰে ।
সেই অনুসৰি বাবা ছিদ্দিকীৰ সৈতে এজন আৰক্ষী কনিষ্টবল নিয়োজিত আছিল । বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পাচত উত্তৰ-পশ্চিম মুম্বাইৰ খেতৱাড়ী জংচন এলেকাত আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে । বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা কৰা ঠাইত আৰক্ষীয়ে বেৰিকেড লগাইছে ।
জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব বুলি মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই । মুখ্যমন্ত্রী সিন্দেই এনকাউণ্টাৰ বিশেষজ্ঞ দয়া নায়কে এই ঘটনাৰ তদন্ত কৰিব বুলিও ঘোষণা কৰে ৷