ৰাঁচী: ঝাৰখণ্ড নিৰ্বাচনৰ ফলাফলৰ পিছত আন এক বিষয়ে ৰাজ্যখনৰ ৰাজনীতি উত্তাল কৰি তুলিছে । ইয়াত অৰিহণা যোগাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক বক্তব্যই । বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন অব্যাহত ৰাখিবলৈ বিজেপি বিধায়কসকলক মুখ্যমন্ত্ৰীয়ে কৰা আবেদনক লৈ এতিয়া ৰাজ্যখনত ৰাজনীতি আৰম্ভ হৈছে । প্ৰধান শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাই X পোষ্টত মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই আদেশক বাবুলাল মাৰাণ্ডীৰ অপমান বুলি অভিহিত কৰে ।
জে এম এমে ছ'চিয়েল মিডিয়া X-ত লিখিছে, "বাবুলালজী, আপোনাৰ এই অপমান সহ্য কৰা নহ'ব ।" জে এম এমে মুখ্যমন্ত্ৰীক সমালোচনা কৰি লিখিছে, "যদি তেওঁৰ চৰকাৰ গঠন কৰা হ'লহেঁতেন, তেন্তে ছুপাৰ চি এম তেৱেঁই হ'লহেঁতেনে । বিজেপি বিধায়কসকলৰ নিজা জ্ঞান-বুদ্ধি নাই নেকি যে তেওঁলোকে এতিয়াও এয়া শিকি আছে ? আমি বিজেপিক ২৫ ৰ পৰা ২১ লৈ নমাই আনিছোঁ আৰু যদি এইটো অব্যাহত থাকে, আমি ইয়াক ১১ লৈ নমাই আনিম ।"
জে এম এমে পোষ্টত লগতে লিখিছে, "ঝাৰখণ্ডৰ প্ৰতিগৰাকী বিধায়কে বাংলাদেশ সীমান্ত সুৰক্ষাৰ বিষয়টো উত্থাপন কৰিব । দেশৰ সীমান্ত চম্ভালিবলৈ ব্যৰ্থ হোৱা আমাৰ ঝাৰখণ্ড বিজেপিক জ্ঞান নিদিব ।"