অসম

assam

ETV Bharat / bharat

কাশ্মীৰৰ ছ'পোৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ টা সন্ত্ৰাসবাদী - JAMMU KASHMIR TERRORIST ENCOUNTER

ছ'পোৰত নিশা চলা গুলীয়াগুলীৰ ঘটনাত ২ টা সন্ত্ৰাসবাদী নিহত । এইটো উত্তৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৃতীয়টো অভিযান । ইয়াৰ পূৰ্বেও দুই সন্ত্ৰাসবাদী নিহত হৈছিল ।

Jammu Kashmir Terrorist Encounter
কাশ্মীৰৰ ছ'পোৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী (ANI)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 11:44 AM IST

ছ'পোৰ: উত্তৰ কাশ্মীৰৰ ছ'পোৰৰ পানীপোৰা অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত গুলীয়াগুলীৰ ঘটনাৰ ফলত শুকুৰবাৰে দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় । সেনাৰ সূত্ৰত এই কথা প্ৰকাশ । চৰকাৰী সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া আৰম্ভ হোৱা এক অভিযানৰ ফলত সন্ত্ৰাসবাদী দুটা নিহত হয় আৰু অভিযান এতিয়াও চলি আছে ।

লগতে কয় যে অন্ধকাৰৰ কাৰণে অভিযান স্থগিত কৰা হৈছিল আৰু শুকুৰবাৰে পুৱতিনিশা অভিযান পুনৰ আৰম্ভ কৰা হয় । এই অভিযানতে উগ্ৰপন্থী দুটা নিহত হয় । অৱশ্যে মৃতদেহ দুটা এতিয়াও উদ্ধাৰ হোৱা নাই ।

এই সন্ত্ৰাসবাদ-বিৰোধী অভিযানটো সেনাৰ ২২ ৰাষ্ট্ৰীয় ৰাইফলছ, বিশেষ অভিযান গোট আৰু ছ'পোৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই আছে ।

উল্লেখ্য যে বুধবাৰে বান্দিপোৰা আৰু লোলাব বনাঞ্চলত পৃথক গুলীয়াগুলীৰ ঘটনাত দুটা পাকিস্তানী সন্ত্ৰাসবাদী নিহত হোৱাৰ পিচত ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ কাশ্মীৰত তৃতীয়টো সন্ত্ৰাসবাদ-বিৰোধী অভিযানত এই সফলতা লাভ কৰা হয় ।

নৱেম্বৰৰ প্ৰথম সপ্তাহতে সমগ্ৰ কাশ্মীৰ উপত্যকাত ছয়টা সন্ত্ৰাসবাদ-বিৰোধী অভিযান আৰম্ভ হয় । এই অভিযানৰ ফলত এতিয়ালৈকে পাঁচ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ।

আনহাতে, অক্টোবৰ মাহত কাশ্মীৰত সন্ত্ৰাসবাদমূলক হিংসাত্মক ঘটনাত ৯ জন নাগৰিক নিহত হয় । ইয়াৰ ভিতৰত আছে সাতজন বহিঃৰাজ্যৰ শ্ৰমিক, এজন সেনা জোৱান আৰু এজন চিকিৎসক ।

এই আক্ৰমণৰ ঘটনাবোৰ এক দশকৰো অধিক সময়ৰ পিচত কেন্দ্ৰীয়শাসিত অঞ্চলটোত অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনৰ পিচতে সংঘটিত হৈছে । অনুচ্ছেদ 370-ৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিচত এই নিৰ্বাচন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তন হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :মণিপুৰত পুনৰ হিংসাৰ দাবানল; নিহত মহিলা, ভস্মীভূত ১০ টা ঘৰ
লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ ক লৈ উত্তাল জম্মু-কাশ্মীৰ বিধানসভা; সদনৰ ভিতৰতে বিধায়কৰ হতাহতি

ABOUT THE AUTHOR

...view details