শ্ৰীনগৰ :উত্তৰ কাশ্মীৰৰ দুখন জিলা ক্ৰমে কুপৱাৰা আৰু বান্দিপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত দুটা পৃথক সংঘৰ্ষ । এতিয়ালৈ দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে । দুয়োটা সংঘৰ্ষই মঙলবাৰে সন্ধিয়া সংঘটিত হয় । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা স্থানত নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সময়তে এই সংঘৰ্ষ হয় ।
বান্দিপোৰাত এনকাউণ্টাৰ
উল্লেখ্য যে বান্দিপোৰাত নিৰাপত্তাৰক্ষীয়ে চোৰাংচোৱা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল । সেই সময়তে কেটচুন বনাঞ্চলত সন্ত্ৰাসবাদীৰে গুলীবৰ্ষণ আৰম্ভ হয় । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই নিশ্চিত কৰিছে যে এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে । আনহাতে আন এটা আৱদ্ধ হৈ আছে । আৰক্ষী বিষয়াগৰাকীৰ মতে নিহত সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা হোৱা নাই । অভিযান চলি আছে ।
কুপৱাৰাত এনকাউণ্টাৰ
একেদৰে ওচৰৰ জিলা কুপৱাৰাত নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিশা সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলায় । এটা স্থানত ৰৈ থকা সময়তে অভিযানকাৰী দলটোক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে । য'ত এতিয়ালৈকে এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে । কাশ্মীৰ উপত্যকাত বিগত ৪ দিনত এনে সংঘৰ্ষৰ ঘটনা ৪ টালৈ বৃদ্ধি হোৱা দেখা গৈছে । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধিয়ে অঞ্চলটোত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।
ইয়াৰ পূৰ্বে ২ নৱেম্বৰত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলা আৰু মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাত দুটা পৃথক সংঘৰ্ষত দুগৰাকী স্থানীয় লোক আৰু উছমান ভাই নামেৰে জনাজাত এজন পাকিস্তানী নাগৰিকসহ ৩ টা সন্ত্ৰাসবাদী নিহত হয় । শ্ৰীনগৰ এনকাউণ্টাৰত ৪ গৰাকী সুৰক্ষা কৰ্মীও আহত হৈছিল ।
লগতে পঢ়ক :কানাডাৰ হিন্দু মন্দিৰত আক্ৰমণক গৰিহণা পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ