অসম

assam

ETV Bharat / bharat

মাদ্ৰাজ আই আই টিৰ পৰা ডক্টৰেট লাভ এছ. সোমনাথৰ - ISRO Chief S Somnath - ISRO CHIEF S SOMNATH

S Somnath received doctorate : ২০০৬ চনত মাদ্ৰাজ আই আই টিত গৱেষণাৰ বাবে নামভৰ্তি কৰিছিল ইছৰ’ৰ অধ্যক্ষ এছ. সোমনাথে ৷ ব্যস্ততাৰ বাবে কৰিব পৰা নাছিল গৱেষণাৰ কাম ৷ অৱশেষত মাদ্ৰাজ আই আই টিৰ পৰা ডক্টৰেট লাভ কৰিলে বিজ্ঞানীজনে ৷

S Somnath received doctorate
মাদ্ৰাজ আই আই টিৰ পৰা ডক্টৰেট লাভ এছ. সোমনাথৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:17 PM IST

নিউজ ডেস্ক, ১৯ জুলাই : মাদ্ৰাজ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৬১ সংখ্য়ক সমাৱৰ্তন ৷ বৃহস্পতিবাৰে অনুষ্ঠিত এই সমাৱৰ্তনত মুঠ ২,৬৩৬ গৰাকী শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰে ৷ অনুষ্ঠানটোৰ জৰিয়তে প্ৰায় ৩,০১৬ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী (যুটীয়া আৰু দ্বৈত ডিগ্ৰী) প্ৰদান কৰা হয় ৷ ইয়াৰ অন্তৰ্গত মুঠ ৪৪৪ টা পি এইচ ডি প্ৰদান কৰা হয় ৷ য’ত অন্তৰ্ভুক্ত হৈ আছে পি এইচ ডি, বিদেশী প্ৰতিষ্ঠানৰ সৈতে যুটীয়া পি এইচ ডি আৰু দ্বৈত পি এইচ ডি ।

স্নাতক শিক্ষাৰ্থী আৰু পুৰস্কাৰ বিজয়ীসকলক অভিনন্দন জনাই ২০১২ চনত ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা ড৹ ব্ৰায়ান কে কোবিলকাই কয়, ‘‘ মই নিজকে কোনোধৰণে ব্যতিক্ৰমী বুলি বিবেচনা নকৰো ৷ মোৰ আজিৰ কেৰিয়াৰ হৈছে এক উদাহৰণ যে কেনেদৰে এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, ভাগ্যৰ উপৰিও পৰিয়াল, বন্ধু আৰু সহকৰ্মীৰ সহায়ৰ ফলত সফলতা লাভ কৰিব পাৰে ৷ যেতিয়া মই মোৰ কেৰিয়াৰলৈ ঘূৰি চাওঁ, মই নিজেই আচৰিত হওঁ ৷ এই কাৰণেই যে মই সঠিক সময়ত সঠিক স্থানত সঠিক লোকৰ সৈতে আছিলোঁ ৷’’

ড৹ ব্ৰায়ান কে কোবিলকাই কয়, ‘‘ মই বিশ্বাস কৰো যে মোৰ কেৰিয়াৰত পাঁচটা কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ প্ৰথমে, মই মোৰ লক্ষ্য ঠিক কৰি লৈছিলো যিটো কৰি মই ভালপাওঁ ৷ প্ৰত্যাহ্বান গ্ৰহণ কৰি লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়িছিলো ৷ দ্বিতীয়তে, মই আদৰ্শ আৰু পৰামৰ্শদাতা বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলো, যিয়ে মোৰ কেৰিয়াৰৰ বিভিন্ন পৰ্যায়ত নিৰ্দেশনা প্ৰদান কৰিছিল ৷ তৃতীয়তে, মই মোৰ সামৰ্থ আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰিছিলো ৷ মোৰ ক্ষমতা ৰক্ষা কৰাৰ লগতে দুৰ্বলতাসমূহ দূৰ কৰাৰ উপায় বিচাৰি লৈছিলো ৷ চতুৰ্থতে, মোৰ জীৱনত ভাৰসাম্য আছিল ৷ মোৰ শৈক্ষিক কেৰিয়াৰৰ বাহিৰত এটা পৰিপূৰ্ণ পাৰিবাৰিক জীৱন আছে ৷ পঞ্চম, মই বিফল হ'বলৈ ভয় নকৰাটোৱেই আছিল সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ মই মোৰ বিফলতাৰ পৰা শিকাৰ উপায় বিচাৰি পাইছিলো ৷’’

তেওঁ কয়, ‘‘ ১৯৯০ চনত যেতিয়া মই মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো, তেতিয়া মোৰ এটাই লক্ষ্য আছিল যে সক্ৰিয়/নিষ্ক্ৰিয় অৱস্থাত জি-প্ৰ'টিন-কাপল্ড ৰিচেপ্টৰৰ গাঁথনিপ্ৰাপ্ত কৰা ৷ লক্ষ্যত উপনীত হ’বলৈ মোৰ ২১ বছৰ লাগিছিল আৰু অৱশেষত ন’বেল বঁটা লাভ কৰিছিলো ৷ সেই ২১ বছৰত, মই মোৰ বহুতো বিফল পৰীক্ষাৰ পৰা এই ৰিচেপ্টৰবোৰে কেনেদৰে কাম কৰে সেই বিষয়ে বহুতো কথা শিকিছিলো ৷’’

ইছৰ’ৰ অধ্যক্ষৰ পি এইচ ডি গ্ৰহণ :

এই সমাৱৰ্তনৰ মুখ্য আকৰ্ষণ আছিল ইছৰ’ৰ অধ্যক্ষ এছ. সোমনাথে মেকানিকেল ইঞ্জিনিয়াৰিঙত পি এইচ ডি গ্ৰহণ কৰে । পি এইচ ডি গ্ৰহণৰ পিচত ই টিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপ হয় ইছৰ’ৰ অধ্যক্ষগৰাকীৰ ৷ তেওঁ কয়, ‘‘ মাদ্ৰাজ আই আই টিৰ পৰা মই পি এইচ ডি লাভ কৰাটো এক সন্মানৰ বিষয় । মই ২০০৬ চনত পঞ্জীয়ন কৰিছিলো আৰু তেতিয়াৰ পৰা মই এজন যুৱ বিজ্ঞানী হিচাপে ইছৰ’ৰ সৈতে জি এছ এল ভি মাৰ্ক ৰকেট ডিজাইনৰ কামত সক্ৰিয়ভাৱে জড়িত আছিলো ৷ সেয়েহে মই মোৰ পি এইচ ডিৰ বাবে গৱেষণাৰ কাম অব্যাহত ৰাখিবলৈ অক্ষম হৈছিলো ৷ এতিয়া মই সম্পূৰ্ণ কৰিছো আৰু ডক্টৰেট লাভ কৰিছো ৷’’

এই বয়সতো গৱেষণা কেনেদৰে কৰিছে ? :

সোমনাথে উত্তৰ দিয়ে, ‘‘ মই এই কাম অতি আনন্দৰে কৰিছিলো ৷ কাৰণ এইটো মোৰ প্ৰিয় ক্ষেত্ৰ আছিল ৷ বিষয়টোত মোৰ যথেষ্ট আগ্ৰহ আছিল, যিটো মোৰ কামৰ অংশ ৷’’

গৱেষণাৰ বিষয় কি ?:

তেওঁ কয়, ‘‘ পি এছ এল ভি ৰকেট হ’ল উচ্চ কম্পনসম্পন্ন । ইয়াক নিয়ন্ত্ৰণ কৰিলে ইলেক্ট্ৰনিক বৰ্তনীবোৰে সঠিকভাৱে কাম কৰিব আৰু অধিক দিন ধৰি চলিব ৷ সেয়েহে মই ইয়াৰ ‘ভাইব্ৰেচন আইচ’লেট’ শীৰ্ষক বিষয়ত গৱেষণা কৰিছিলো আৰু পি এছ এল ভি ৰকেটত প্ৰথমবাৰৰ বাবে ইয়াক কাৰ্যকৰী কৰিছো ৷’’

ইছৰ’ৰ পৰৱৰ্তী পৰিকল্পনা কি ?

এন জি এল ভি (পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহন) ডিজাইনৰ কাম চলি আছে ৷ নতুন মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে নথি-পত্ৰৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ তেওঁ কয় যে চন্দ্ৰযানৰ পৰৱৰ্তী সংস্কৰণ নিৰ্মাণৰ কাম চলি আছে ৷

লগতে পঢ়ক :

লগতে পঢ়ক :যিকোনো সিদ্ধান্তৰ বাবে ইছৰোৰ আছে নিজা কাৰ্যসূচী : ইছৰোৰ অধ্যক্ষ এছ সোমনাথ

লগতে পঢ়ক :ঈশ্বৰ উপাসনা কোনো ভুল নহয়; এছ সোমনাথক সমৰ্থন ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ

লগতে পঢ়ক :নতুন কথা নহয় : ২০১১ তে ISRO ৰ বিজ্ঞানীয়ে বিচাৰি পাইছিল চন্দ্ৰৰ গুহাটো

ABOUT THE AUTHOR

...view details