নিউজ ডেস্ক, 31 জানুৱাৰী: ইণ্ডিগ’ বিমানৰ বিৰুদ্ধে হঠাৎ শ্ল’গান ভাঁহি আহিল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৷ টাৰ্মিনেল ২ৰ পৰা উৰা মাৰিবলগীয়া এখন বিমান বাতিল হোৱাৰ পিচত বুধবাৰে দিল্লী-দেওগড় ইণ্ডিগ’ বিমানখনৰ যাত্ৰীসকলে বিমান সংস্থাটোৰ বিৰুদ্ধে শ্ল’গান দিয়ে ।
উৰণত পলম হোৱাৰ পিচত বিমানখন হঠাতে বাতিল হোৱাত সহযাত্ৰীসকল ক্ষুব্ধ হৈ পৰে ৷ তাৰ পিচতেই তেওঁলোকে ‘ইণ্ডিগ’ চোৰ’ আৰু ‘বন্ধ কৰক, বন্ধ কৰক’ আদি শ্লোগান দিবলৈ ধৰে । বুধবাৰে বিমান সংস্থাটোৱে এক বিবৃতিত নিজৰ অসুবিধা প্ৰকাশ কৰি কয় যে তেওঁলোকে যাত্ৰীসকলক সতেজ খাদ্য আৰু সম্পূৰ্ণ ধন ঘূৰাই পোৱাৰ বিকল্প প্ৰদান কৰে ।
দেওগড়ৰ বিমানবন্দৰৰ আশে-পাশে হঠাতে বতৰ সলনি হোৱাৰ বাবে ২০২৪ চনৰ ৩০ জানুৱাৰী আৰু ৩১ জানুৱাৰীত দিল্লীৰ পৰা দেওগড় অভিমুখী ইণ্ডিগ’ৰ ৬E ২১৯৮ বিমানখনৰ উৰণ বাতিল কৰা হৈছিল । বিমান সংস্থাৰ তৰফৰ যাত্ৰীসকলক সতেজ খাদ্য আৰু সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ বিকল্প, বা পুনৰ যাত্ৰাৰ সময় নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰা হৈছিল । বিমান সংস্থাটোৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰকৰ বাবে হোৱা অসুবিধাৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰি বিমান সংস্থাটোৱে এক বিবৃতি প্ৰকাশ কৰে ৷