অসম

assam

ভাৰতৰ প্ৰথম বন্দে মেট্ৰ'ৰ নাম সলনি; নতুন নাম 'নমো ভাৰত ৰেপিড ৰে'ল' - Namo Bharat Rapid Rail

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 4:53 PM IST

PM Modi Flag off Namo Bharat Rail : ৰে'ল মন্ত্ৰালয়ে ভুজ-আহমেদাবাদ বন্দে মেট্ৰ'ৰ নাম সলনি কৰি নমো ভাৰত ৰেপিড ৰে'ল ৰাখিছে । ইয়াৰ উদ্বোধনী সেৱা মঙলবাৰে আহমেদাবাদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰে । ৰে'লখনে 5 ঘণ্টা 45 মিনিটত 350 কিলোমিটাৰ পথ অতিক্ৰম কৰিব আৰু নটা ষ্টেচনত ইয়াৰ আস্থান থাকিব । নিয়মীয়া সেৱা 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব । ইয়াৰ ভাৰা হৈছে 455 টকা ।

PM Modi Flag off Namo Bharat Rail
ভাৰতৰ প্ৰথম বন্দে মেট্ৰ'ৰ নাম সলনি (PTI Photo)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰাৰ কেইঘণ্টামান পূৰ্বে ৰে'ল মন্ত্ৰণালয়ে ভুজ-আহমেদাবাদ বন্দে মেট্ৰ'ৰ নাম নমো ভাৰত ৰেপিড ৰে'ললৈ সলনি কৰে ।

ইয়াৰ প্ৰথম সেৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভুজ ৰে'ল ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে । তেওঁ ছেকচন ১ মেট্ৰ' ষ্টেচনৰ পৰা গিফ্ট চিটিলৈ ৰে'লখনত যাত্ৰা কৰে ।

আন্তঃমহানগৰ সংযোগ বৃদ্ধিৰ লক্ষ্যৰে এই ৰেপিড ৰে'লখনে ৫.৪৫ ঘণ্টাৰ ভিতৰত ভুজৰ পৰা আহমেদাবাদলৈ ৩৫৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ইয়াৰ মাজতে ৰে'লখন নটা ষ্টেচনত ৰ'ব । ষ্টেচনকেইটা হৈছে অঞ্জৰ, গান্ধীধাম, ভাচাউ, চামাখিয়ালী, হালৱাদ, ধ্ৰাংধৰা, বিৰামগাম, চান্দলোদিয়া আৰু সবৰমতী । ৰাইজৰ বাবে এই ৰে'লৰ নিয়মীয়া সেৱা 17 ছেপ্টেম্বৰত আহমেদাবাদৰ পৰা আৰম্ভ হ'ব । মুঠ যাত্ৰাকালৰ বাবে ভাৰা হ'ব ৪৫৫ টকা ।

"মন্ত্ৰণালয়ে বন্দে মেট্ৰ'ৰ নাম নমো ভাৰত ৰেপিড ৰে'ললৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে ।" ৰে'লৱেৰ মুখপাত্ৰ এগৰাকী ইয়াৰ পূৰ্বে সোমবাৰে কয় । ৰে'ল মন্ত্ৰণালয়ৰ মতে, আন মেট্ৰ'সমূহে কেৱল কম দূৰত্ব অতিক্ৰম কৰাৰ বিপৰীতে নমো ভাৰত ৰেপিড ৰে'লসমূহে আহমেদাবাদৰ কেন্দ্ৰস্থলক ইয়াৰ প্ৰান্তীয় চহৰসমূহৰ সৈতে সংযোগ কৰিব ।

কি কি সুবিধা থাকিব

1,150 গৰাকী যাত্ৰীৰ বাবে আসনৰ সৈতে 12 টা এ চি ডবা থকা এই ৰেপিড ৰে'লে বহুতো অভিনৱ সুবিধা প্ৰদান কৰিব । "এৰ্গোন'মিকেলি ডিজাইন কৰা আসন, সম্পূৰ্ণ শীতাতপ নিয়ন্ত্ৰিত কেবিন আৰু মডুলাৰ আভ্যন্তৰীণ অংশৰ সৈতে ই নিশ্চিতভাৱে আন মেট্ৰ'তকৈ উৎকৃষ্ট বুলি প্ৰমাণিত হৈছে ।" ৰে'লৱেই কয় ।

পশ্চিম ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া বিনীত অভিষেকে কয় যে স্বদেশীভাৱে নিৰ্মাণ কৰা এই ডবাবোৰ কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত স্বয়ংক্ৰিয় শ্লাইডিং দুৱাৰ, মডুলাৰ আভ্যন্তৰীণ, নিৰন্তৰভাৱে জ্বলি থকা এল ই ডি লাইটিং, ভেকুৱাম স্থানান্তৰৰ সৈতে শৌচালয়, পথ মানচিত্ৰ সূচক, পেনোৰামিক খিৰিকী, চিচিটিভি, ফোন চাৰ্জিং সুবিধা আৰু এৰোচ'ল ভিক্তিক অগ্নি নিৰ্বাপণ ব্যৱস্থাৰ সৈতে স্বয়ংক্ৰিয় ধোঁৱা/জুই চিনাক্তকৰণৰ ব্যৱস্থা আছে ।

"ইয়াত উন্নত আৰু আধুনিক সুবিধা প্ৰদান কৰা হৈছে, যিয়ে ইয়াক 110 কিমিপিএইচ গতিত উপনীত হ'বলৈ সক্ষম কৰিছে ।" অভিষেকে কয় ।

মন্ত্ৰণালয়ৰ মতে, পৰম্পৰাগত উপনগৰীয় ৰে'ল আৰু মেট্ৰ' ডবাৰ পৰা এক গুৰুত্বপূৰ্ণ উন্নীতকৰণ হৈছে ইয়াৰ মডুলাৰ ডিজাইন, য'ত ইজেক্টৰ-ভিত্তিক ভেকুৱাম ইভেকুৱেচন শৌচালয় অন্তৰ্ভুক্ত আছে । "ৰে'লখনে মধ্য দূৰত্বৰ চহৰসমূহৰ মাজত দ্ৰুত যাত্ৰা আগবঢ়াব ।" লগতে কোৱা হৈছে ।

লগতে পঢ়ক :দেশবাসীক মিলাদ-উন-নৱীৰ শুভেচ্ছা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ - Eid Milad 2024
লগতে পঢ়ক :কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - Arvind Kejriwal resignation

ABOUT THE AUTHOR

...view details