অসম

assam

ETV Bharat / bharat

এন ডি এত ৰাষ্ট্ৰপতিৰ ব্ৰঞ্জ পদক জয়ী মণিপুৰী যুৱকক ভাৰতীয় সেনাৰ সন্মান - INDIAN ARMY HONOURS MANIPURI BOY

থংজাওমায়ুমে ২০২১ চনত আৰ আই এম চিৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰি ২০২২ চনৰ জানুৱাৰীত ১৪৭ সংখ্যক পাঠ্যক্ৰমৰ অংশ হিচাপে এন ডি এত যোগদান কৰিছিল ।

Indian Army honours Manipuri boy
মণিপুৰী যুৱকক ভাৰতীয় সেনাৰ সন্মান (ANI)

By ANI

Published : Dec 7, 2024, 10:59 AM IST

ইম্ফল :যোৱা 30 নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (National Defence Academy, NDA) ১৪৭ সংখ্যক পাছিং আউট পেৰেডত ৰাষ্ট্ৰপতিৰ ব্ৰঞ্জ পদক জয় কৰাৰ বাবে ইম্ফলৰ কেডেট যোদ্ধা থংজাওমায়ুমক ভাৰতীয় সেনাই সন্মানিত কৰে ।

"ভাৰতীয় সেনাই ৩০ নৱেম্বৰত পুনেৰ খাদকৱাছলাত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (এন ডি এ) ১৪৭ সংখ্যক পাঠ্যক্ৰমৰ পাছিং আউট পেৰেডৰ সময়ত সন্মানীয় ৰাষ্ট্ৰপতিৰ ব্ৰঞ্জ পদক জয় কৰাৰ বাবে ইম্ফলত কেডেট যোদ্ধা থংজাওমায়ুমক সম্বৰ্ধনা জনায় ।" ভাৰতীয় সেনাৰ এক আনুষ্ঠানিক বিজ্ঞপ্তিত প্ৰকাশ ।

"সেনাই কেডেটগৰাকীক তেওঁৰ গৌৰৱান্বিত পিতৃ-মাতৃৰ উপস্থিতিত সম্বৰ্ধনা জনায় ।" বিজ্ঞপ্তিখনত লগতে কোৱা হৈছে । কেডেট থংজাওমায়ুম মণিপুৰৰ ইম্ফল পূব জিলাৰ লামলং বজাৰৰ খুৰাই থৌডাম লেইকাইৰ বাসিন্দা । তেওঁ ২০১৪ চনৰ পৰা ২০১৬ চনলৈ ইম্ফলৰ সৈনিক বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু পিছত ২০১৭ চনত ডেৰাডুনৰ প্ৰসিদ্ধ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ত (Rashtriya Indian Military College, RIMC) যোগদান কৰিছিল ।

(null)

থংজাওমায়ুমে ২০২১ চনত আৰ আই এম চিৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰি ২০২২ চনৰ জানুৱাৰীত ১৪৭ সংখ্যক পাঠ্যক্ৰমৰ অংশ হিচাপে এন ডি এত যোগদান কৰে । তাত তেওঁ ৩ বছৰৰ কঠোৰ সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে মঙলবাৰে ভাৰতীয় সেনাৰ স্পীয়াৰ ক'ৰ্পছে মণিপুৰৰ নাচৌ গাঁৱত বিষ্ণুপুৰ জিলা ৱুশ্বু এছ'চিয়েশ্যনক ৰাজ্যখনৰ গৌৰৱৰ প্ৰতীক এখন অত্যাধুনিক ৱুশ্বু চান্দা এৰেনা প্ৰদান কৰে ।

নতুনকৈ উপস্থাপন কৰা ৱুচু চান্দা এৰেনাখন আন্তৰ্জাতিক মান অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু অঞ্চলটোৰ উদীয়মান ৱুশ্বু শিল্পীসকলক কাৰ্যকৰীভাৱে প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বাবে সজ্জিত কৰা হৈছে ।

এক পৰম্পৰাগত সমৰ কলা ৱুশ্বুয়ে ভাৰতত, বিশেষকৈ মণিপুৰত গুৰুত্বপূৰ্ণ জনপ্ৰিয়তা অৰ্জন কৰিছে । মণিপুৰ বিভিন্ন ক্ৰীড়াত প্ৰতিভাশালী খেলুৱৈ প্ৰস্তুত কৰাৰ বাবে জনাজাত ।

ইয়াৰ পূৰ্বে ভাৰতীয় সেনাই জিলা চিকিৎসা কৰ্তৃপক্ষৰ সহযোগত ২৯ আৰু ৩০ নৱেম্বৰত বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ অন্তৰ্গত গাঁওসমূহত চিকিৎসা শিবিৰৰ আয়োজন কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় ।

জিলা চিকিৎসালয়সমূহৰ সৈতে মিলি অনুষ্ঠিত কৰা এই শিবিৰসমূহত সেনাৰ চিকিৎসক, মহিলা চিকিৎসক, এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ৰক্ত পৰীক্ষাৰ সুবিধাৰে গঠিত এটা চিকিৎসা দলে অংশগ্ৰহণ কৰে । এই চিকিৎসা শিবিৰত অংশগ্ৰহণকাৰীসকলে বিতং স্বাস্থ্য পৰীক্ষা আৰু অত্যাৱশ্যকীয় ঔষধো লাভ কৰে ।

লগতে পঢ়ক :মণিপুৰ হিংসাত প্ৰধানমন্ত্ৰীৰ মৌনতা; ২২ ডিচেম্বৰত দিল্লীত সমদল বিভিন্ন সংগঠনৰ
লগতে পঢ়ক :হ্ৰাস পাইছে প্ৰদূষণ; দিল্লীবাসীৰ বাবে আশাৰ বতৰা

ABOUT THE AUTHOR

...view details