নিউজ ডেস্ক, 30 জুন :এতিয়া কণমানিটোক নিচুকাবলৈও ব্যৱহাৰ কৰিবলগীয়া হ’ল মোবাইল ফোন ৷ জন্মৰে পৰা বাধ্যত পৰিয়েই হওক বা অন্য কাৰণতে হওক, সন্তানক সন্তুষ্ট কৰিবলৈ ফোনটোৰ ব্যৱহাৰে কঢ়িয়াই আনিছে ভাবিব নোৱৰা অশনি সংকেত ৷ যাৰ ফলত সন্তান হৈ পৰে মোবাইল ফোনটোৰ প্ৰতি আসক্ত ৷ সেই আসক্তিৰ পৰা সন্তানক আঁতৰাই অনাটো সময়ত সম্ভৱপৰ হৈ নাথাকেগৈ ৷
পিতৃ-মাতৃৰ অতি ব্যস্ততায়ো সন্তানক নিব পাৰে ভয়ংকৰ ঘটনাৰ দিশে ৷ মাক-দেউতাকে সময় দিব নোৱৰাৰ বাবে অকলশৰীয়া সন্তানে এতিয়া সংগী হিচাপে বাচি লয় মোবাইল ফোনটো ৷ সেই কথা গুৰুত্বসহকাৰে নলয় প্ৰায়সকল অভিভাৱকে, দায়িত্বৰ পৰা হাত সৰা যেনহে অনুভৱ কৰে ৷ সন্তানে আহাৰে নাখালে সন্মুখত মোবাইল ফোনটো ৰাখি ভিডিঅ’ প্লে’ কৰি দিয়াৰ পৰা আৰম্ভ কৰি যি অভ্যাস গঢ়াই দিয়া হয়, তাৰ ভয়ংকৰ পৰিণতিস্বৰূপে এক ঘটনা পোহৰলৈ আহিছে শেহতীয়াকৈ ৷ মোবাইল ফোনৰ প্ৰতি থকা আসক্তিৰ বাবেই আত্মহত্যা কৰিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে ৷
লগতে পঢ়ক:ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ
ঘটনাটো সংঘটিত হ’ল বিহাৰত ৷ বিহাৰৰ এক অভিজাত কলনিত পিতৃ-মাতৃয়ে মোবাইল ফোন ব্যৱহাৰত বাধা দিয়াৰ বাবেই আত্মহত্যা কৰে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে ৷ ঘটনাটো সংঘটিত হয় ২৭ জুনৰ নিশা ৷ ঘটনাৰ পিচতে আৰক্ষীয়ে টেবলেটটো জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷