নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : ৰাজস্থানৰ জয়ছলমেৰ জিলাত বৃহস্পতিবাৰে পুৱা বায়ুসেনাৰ এখন চোৰাংচোৱা বিমান (Reconnaissance Aircraft) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটো জয়ছলমেৰ জিলা সদৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ ৰোজানিয়ৌ কী ঢাণী জজিয়া গাঁৱৰ সমীপত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত কোনো লোক হতাহতিৰ হোৱা নাই । ইফালে এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ লগতে বায়ুসেনাৰ বিষয়াসকল উক্ত স্থানত উপস্থিত হয় ।
বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ধ্বংসাৱশেষত জ্বলি থকা জুই অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, এই বিমানখন মানৱবিহীন ৷ যাৰ সহায়ত আকাশৰ পৰাই চোৰাংচোৱাগিৰিৰ কাম-কাজৰ ওপৰত চকু ৰাখিব পাৰি । সেয়ে ইয়াক ‘চোৰাংচোৱা বিমান’ বুলি কোৱা হয় ।
চোৰাংচোৱা বিমানখন আছিল মানৱবিহীন :
জয়ছলমেৰত দুৰ্ঘটনাত পতিত হোৱা বায়ুসেনাৰ এই বিমানখনৰ কাম হ’ল সীমান্তত চোৰাংচোৱাগিৰি কৰা । এনে বিমান মানৱবিহীন হয় । যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোৰাংচোৱাগিৰিৰ কাৰ্যকলাপৰ লগতে সকলো দিশ তন্নতন্নকৈ নিৰীক্ষণ কৰা কামত ব্যৱহাৰ কৰা হয় ।