নিউজ ডেস্ক, ১ জুন :চলিত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে । এই অন্তিম পৰ্যায়ত ৫৭ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, এই পৰ্যায়ত শনিবাৰে ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হ'ব । ইফালে অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰোন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কংগনালৈকে বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে শনিবাৰে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তেওঁ পশ্চিমবংগৰ বেলগাচিয়াৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে । নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি উঠি তেওঁ এ এন আইৰ আগত কয়, "মই এজন বিজেপি কেডাৰ, মই মোৰ কৰ্তব্য পালন কৰিছো । মই কাইলৈৰ পৰা চলচ্চিত্ৰৰ বিষয়ে কথা পাতিম । কাৰণ মই মোৰ পৰিয়ালকো খুৱাব লাগিব ।"
উল্লেখ্য যে, অন্তিম পৰ্যায়ত পশ্চিমবংগৰ নখন লোকসভা আসনত ভোটগ্ৰহণ চলি আছে । এই সমষ্টিকেইটা হৈছে - বৰসাত, বছিৰহাট, ডায়মণ্ড হাৰ্বাৰ, ডমডম, জয়নগৰ, যাদৱপুৰ, কলকাতা দক্ষিণ, কলকাতা উত্তৰ আৰু মথুৰাপুৰ ।
অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । এই পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি নেতা ৰবি শংকৰ প্ৰসাদ, নিশিকান্ত দুবে, ৰৱনীত সিং বিট্টু, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, চৰণজিৎ সিং চান্নী, শিৰোমণি আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰ বাদল, ৰাষ্ট্ৰীয় জনতা দলৰ নেত্ৰী মিছা ভাৰতী ।