অসম

assam

ETV Bharat / bharat

১০ বছৰৰ ভিতৰত এইবাৰ অভিলেখ: অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ফোন আহিল ৩২০টা - DELHI FIRE NEWS

বিগত ১০ বছৰৰ ভিতৰত দীপাৱলীৰ সময়ত সৰ্বাধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ৩২০টা ফোন আহিল ৷

Highest number of accidents in Delhi, fire brigade received 320 calls in 12 hours
অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ফোন আহিল ৩২০টা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 5:41 PM IST

নতুন দিল্লী/নয়দা:দীপাৱলীৰ আনন্দ, ৰং-ৰহইচ কৰি আপোনজনৰ সৈতে ফটকা ফুটোৱাত ব্যস্ত সকলো ৷ কিন্তু এই আনন্দৰ মাজতে দীপাৱলীৰ নিশা অগ্নিনিৰ্বাপক বাহিনীৰ কণ্ট্ৰ'ল ৰূমৰ কৰ্মচাৰীৰ মাজত দেখা গ’ল ব্যস্ততাপূৰ্ণ পৰিৱেশ ৷ এটা ফোনকল থয়হে, আনটো আকৌ বাজি উঠে- অমুকত জুই লাগিছে ৷

অগ্নিনিৰ্বাপক বাহিনীৰ লোকলৈ অহৰহ কণ্ট্ৰ'ল ৰূমলৈ আহিয়েই থাকিল ফোনকল ৷ বৃহস্পতিবাৰে দিল্লীৰ ৩০০ৰো অধিক স্থানৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকলৈ আহিছিল ফোন । এই ঘটনাত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ১২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

২০২৪ চনৰ দীপাৱলীত দিল্লীত অগ্নিনিৰ্বাপক বাহিনীলৈ অভিলেখ ভংগকাৰী ফোন আহিছিল, যিটো যোৱা ১০ বছৰৰ তুলনাত অধিক আছিল । ১ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৩২০টা ফোন আহিছিল । এই সংখ্যা যোৱা বছৰৰ তুলনাত ১০০ বেছি, যাৰ পৰা স্পষ্টকৈ বুজা যায় যে এই বছৰ ফটকা ফুটুৱাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যা অধিক হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে কয় যে ৰাজধানীৰ তিনিটা ডাঙৰ স্থানত গুৰুতৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে অন্যান্য অঞ্চলত পৰিস্থিতি স্বাভাৱিক হৈ আছে । কিন্তু এই ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে । ফটকা ফুটুৱাৰ বাবেই বহুঠাইত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলিও অতুল গাৰ্গে কয় ।

বৃহস্পতিবাৰে নিশা গ্ৰেটাৰ নয়ডা ৱেষ্টৰ ইক' ভিলেজ ফাৰ্ষ্টৰ ১৭ নং মহলাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় । ফলত ১৮ আৰু ১৯ মহলাৰ কিছু ফ্লেটত জুই লাগে ৷ এই ঘটনাৰ পাছতে লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় ৷ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে এই ঘটনাত এটা পোহনীয়া কুকুৰৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিল, তেতিয়া ফ্লেটটোৰ বাসিন্দাসকলে ৰাজহুৱা মন্দিৰত পূজা-অৰ্চনা কৰি আছিল ।

ইয়াৰ উপৰিও গ্ৰেটাৰ নয়ডা পশ্চিমৰ মহাগুন মেউডছ ছ’চাইটিৰ এটা টাৱাৰৰ ২৩ নং মহলাতো অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । সদৰপুৰ ছেক্টৰ ৪৫ত সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভতো এক সতৰ্কবাণী জাৰি কৰা হয় । কিন্তু পুনৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎকালীন ব্যৱস্থাৰ বাবে এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰে ৷

লগতে পঢ়ক :দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন স্থানত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details