অসম

assam

ETV Bharat / bharat

গুপ্ত কেমেৰা, ধনদাবী আৰু ব্লেকমেইল : চাইবাৰ অপৰাধৰ অশুভ শক্তিৰ পৰা সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা - CYBERCRIME

চাইবাৰ অপৰাধীসকলে কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি ধনদাবীৰ পৰিকল্পনা ৰচি তেওঁলোকক শোষণ কৰে ।

Cybercrime
চাইবাৰ অপৰাধৰ অশুভ শক্তিৰ পৰা সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 5:32 PM IST

হায়দৰাবাদ :চাইবাৰ শোষণ আৰু ব্লেকমেইল বৰ্তমান এক চিন্তাৰ কাৰণ হৈ পৰিছে । সেয়ে এনে ধৰণৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে মানুহে সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা আহিছে ।

হায়দৰাবাদৰ এটা পৰিয়াল শেহতীয়াকৈ এনে শোষণৰ বলি হৈছে । পৰিয়ালটোৰ এগৰাকী যুৱতীৰ চন্দ্ৰযানগুট্টাৰ এজন যুৱকৰ সৈতে বাগদানৰ কথা আছিল । কিন্তু পৰিয়ালটোৱে যেতিয়া যুৱকজনৰ অন্ধকাৰ অতীতৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই বাগদান বাতিল কৰে ।

এই বিষয়টোত যুৱকজন খঙত টিঙিৰি-তুলা হৈ পৰে আৰু যুৱতীগৰাকীৰ ফটোবোৰ সম্পাদনা কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে আৰু ফটোবোৰ পিতৃ-মাতৃৰ ওচৰলৈ পঠিয়াই ধনদাবী কৰিব ধৰে । আনকি তেওঁ পিতৃ-মাতৃক এইবুলিও ভাবুকি দিয়ে যে যদি তেওঁলোকে দাবী কৰা ধন তেওঁক নিদিয়ে তেন্তে তেওঁ বলপূৰ্বক তেওঁলোকৰ কন্যাক বিয়া কৰাব । কিন্তু দুমাহ ধৰি এই অগ্নিপৰীক্ষাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত পৰিয়ালটোৱে চাইবাৰ অপৰাধ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ।

চাইবাৰ বিপদৰ বৰ্ধিত ভাবুকি : চাইবাৰ অপৰাধীয়ে কেনেদৰে কাম কৰে

চাইবাৰ অপৰাধীসকলে সামাজিক মাধ্যম, ভ্ৰমণ আৰু ব্যক্তিগতভাৱে কথা-বতৰাৰ জৰিয়তে সান্নিধ্য লাভ কৰা ব্যক্তিসকলক শোষণ কৰে । তেওঁলোকৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি ধনদাবীৰ পৰিকল্পনা ৰচনা কৰে । আনহাতে, সম্পাদনা কৰা নগ্ন ভিডিঅ'বোৰক ব্লেকমেইলৰ আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে কেৱল যুৱতীসকলকে শোষণৰ লক্ষ্য কৰি নলয়, অৱসৰপ্ৰাপ্ত বিষয়া আৰু বৃদ্ধ ব্যক্তিসকলকো নিজৰ লক্ষ্য হিচাপে লয় ।

তেনে ক্ষেত্ৰত বহু ভুক্তভোগীয়ে নিজৰ মান-যশ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত নীৰৱে চাইবাৰ অপৰাধীৰ দাবীবোৰ পালন কৰি যায় । লগতে ৰাজহুৱাভাৱে অপমানিত হোৱাৰ পৰা ৰক্ষা পাবলৈ বৃহৎ অংকৰ ধন পৰিশোধ কৰে । তেনেদৰেই এজন অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া, মাল্টিপ্লেক্স মলৰ গৰাকী আৰু কাৰাগাৰৰ বিষয়াসহ হাই-প্ৰফাইল ব্যক্তিসকল এনে কেলেংকাৰীৰ চিকাৰ হৈছে । অৱশ্যে ইয়াৰ ভিতৰত মাত্ৰ কেইজনমান ভুক্তভোগীয়েহে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ বিপৰীতে বেছিভাগেই সামাজিক গ্লানিৰ ভয়ত নীৰৱ হৈ থাকে ।

হোষ্টেল মেনেজাৰৰ 2.53 কোটিৰ ব্লেকমেইল

এনেধৰণৰ ঘটনাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা ঘটনা ৰায়দুৰ্গম আৰক্ষীয়ে উন্মোচন কৰিছে । এই ঘটনাত ব্যক্তিগত হোষ্টেলত বাস কৰা তেলেংগানাৰ এজন আই টি কৰ্মচাৰীৰ ব্যক্তিগত মুহূৰ্ত হোষ্টেল মেনেজাৰে গোপনে ৰেকৰ্ড কৰিছিল । পিছত অবৈধভাৱে কৰা এই ৰেকৰ্ডিং ব্যৱহাৰ কৰি তেওঁ মহিলাগৰাকীৰ পৰা ২.৫৩ কোটি টকা সৰকায় । এই ফুটেজ অনলাইনযোগে ভাইৰেল কৰাৰ ভাবুকি দি তেওঁক ব্লেকমেইল কৰিছিল।

বিবাহৰ ভুৱা পাত্ৰ-পাত্ৰীৰ ছাইটত কেলেংকাৰী

আন এক উদ্বেগজনক ঘটনাত এজন প্ৰৱঞ্চকে বিবাহৰ পাত্ৰ-পাত্ৰীৰ ৱেবছাইটত ভুৱা প্ৰ'ফাইল সৃষ্টি কৰি বিশেষকৈ কেৱল এজনী ছোৱালী থকা পৰিয়ালবোৰক লক্ষ্য কৰি লয় । নিজে এক সম্ভাৱ্য দৰা হিচাপে আত্মপ্ৰকাশ কৰি প্ৰথমে তেওঁ পৰিয়ালটোৰ বিশ্বাস অৰ্জন কৰে । তাৰ পিছত যুৱতীসকলক প্ৰলোভিত কৰি হোটেলৰ কোঠালৈ আমন্ত্ৰণ জনায় আৰু তেওঁলোকক নিচাজাতীয় দ্ৰৱ্য মিহলোৱা পানীয় সেৱন কৰাই নিচাসক্ত কৰে । তাৰ পিছত তেওঁ অন্তৰংগ মুহূৰ্ত বা আপত্তিজনক পৰিস্থিতিৰ ভিডিঅ' ৰেকৰ্ড কৰে । পৰৱৰ্তী সময়ত এই ফুটেজ ব্যৱহাৰ কৰি তেওঁলোকক ব্লেকমেইল কৰে । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁ এনেদৰে কমেও ৪০ গৰাকী যুৱতী-মহিলাক ফান্দত পেলাইছে ।

ছ'চিয়েল মিডিয়াৰ দ্বাৰা উৎপীড়ন : এক কোটিটকীয়া ৰেকেট

চাইবাৰ অপৰাধৰ এক বৰ্ধিত প্ৰৱণতা হৈছে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ । বহু পুৰুষে মহিলাৰ ভাও ধৰি ভুৱা ছ'চিয়েল মিডিয়া প্ৰ'ফাইল সৃষ্টি কৰে আৰু ভুক্তভোগী পুৰুষসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰে । তেওঁলোকে অন্তৰংগ কথোপকথনত লিপ্ত হয়, আপত্তিজনক ফটো সংগ্ৰহ কৰে আৰু পিছত সেইবোৰ ব্লেকমেইলৰ বাবে ব্যৱহাৰ কৰে । বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, এনেদৰে স্কেমাৰসকলে তিনিখন আৰক্ষী জিলাত 70 জন ভুক্তভোগীৰ পৰা 3.5 কোটি টকা সংগ্ৰহ কৰে ।

চাইবাৰ ক্ৰাইম ডিচিপিৰ সতৰ্কবাণী : অনলাইনত সতৰ্ক হৈ থাকক

ডিচিপি (চাইবাৰ ক্ৰাইম) ডাৰ কবিতাই এই সন্দৰ্ভত ৰাইজক সতৰ্ক হৈ থাকিবলৈ আৰু ডিজিটেল প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ কয়, "ছ'চিয়েল মিডিয়াত স্থাপন কৰা নতুন সম্পৰ্কৰ সৈতে বাৰ্তালাপ কৰোঁতে সাৱধান হ'ব । কেতিয়াও ব্যক্তিগত বিৱৰণ বা ব্যক্তিগত ফটো অনলাইনত শ্বেয়াৰ নকৰিব । প্ৰৱঞ্চকসকলে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি এই ফটো মেনুপুলেট কৰি ইয়াৰ দ্বাৰা ভুক্তভোগীসকলক আৰু ব্লেকমেইল কৰিব পাৰে । যদি আপুনি কোনো এক অজ্ঞাত নম্বৰৰ পৰা ৱাটছএপ ভিডিঅ' কল লাভ কৰে, তেন্তে ইয়াৰ সঁহাৰি নিদিব । ই এক চাইবাৰ জালো হ'ব পাৰে । যদি আপোনাক বা আপোনাৰ কোনোবা পৰিচিত লোকক এনেধৰণৰ মেনিপুলেট কৰা সামগ্ৰীৰে হাৰাশাস্তি কৰা হৈছে, তেন্তে নীৰৱ হৈ নাথাকিব । আপোনাৰ অভিযোগ গোপনে ৰখা হ'ব আৰু ইয়াৰ ওপৰত দ্ৰুততাৰে পদক্ষেপ গ্ৰহণ কৰা হ'ব । এনেধৰণৰ অপৰাধৰ বিষয়ে অভিযোগ কৰিবলৈ 100 বা 1930 নম্বৰত যোগাযোগ কৰক ।"

সজাগতা আৰু কাৰ্যব্যৱস্থাৰ বাবে এক আহ্বান

চাইবাৰ প্ৰৱঞ্চনা বৃদ্ধি হোৱাৰ লগে লগে কৰ্তৃপক্ষই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ লগতে এনেধৰণৰ অপৰাধৰ বিষয়ে তৎক্ষণাৎ জনাবলৈ আহ্বান জনাইছে । এনেধৰণৰ বৰ্ধিত চাইবাৰ ভাবুকি নিয়ন্ত্ৰণৰ বাবে সজাগতা বৃদ্ধি কৰা আৰু ডিজিটেল সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাটো হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ ।

লগতে পঢ়ক :ত্ৰিবেণী সংগমত স্নান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; অমৃত স্নানক এৰি মহা কুম্ভলৈ আজি কিয় আহিলা? - PM MODI SANGAM BATH
লগতে পঢ়ক :ত্ৰিপুৰা চিট ফাণ্ড কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ অসমৰ বিকাশ দাস - TRIPURA CHIT FUND SCAM

ABOUT THE AUTHOR

...view details